খেৰণিঃ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনত ভোটাৰৰ মন জয় কৰাৰ বাবে ইমুৰৰ পৰা সিমুৰলৈ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান।
তেনেই এক নিৰ্বাচনী যুঁজৰ প্ৰস্তুতি হিচাপে কাৰ্বি পৰিষদৰ অধিনস্থ ৬ নং বিথুং ৰেংথেমা সমষ্টিৰ ৰংক্লিৰদাপ চৰন টেৰাং গাঁৱত আৰু ১ নং কাৰ্বি ৰংচপি ক্ৰ’ গাওঁত স্থাপন কৰা নিৰ্বাচনকেন্দ্ৰীক বিজেপিৰ অস্থায়ী কাৰ্য্যালয়ৰ দুৱাৰ আনুষ্ঠানিকভাৱে বিজেপিৰ পৰিষদীয় বিথুং-ৰেংথেমা সমষ্টিৰ প্ৰাৰ্থী তথা কাৰ্বি পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুকলি কৰে৷
অনুষ্ঠানত ভাষণ প্ৰসংগত ৰংহাঙে উল্লেখিত সমষ্টিত বিজেপিৰ জয় নিশ্চিত আৰু উন্নয়ন-বিকাশৰ যি ধাৰা পূৰ্বৰ দৰে অক্ষুন্ন থকাৰ লগতে পৰৱৰ্তী সময়ত ৬ নং বিথুং ৰেংথেমা সমষ্টি জিলাখনৰ ভিতৰতে এখন আদৰ্শ সমষ্টি হিচাপে পৰিগণিত হ’ব বুলি মন্তব্য কৰে৷
উল্লেখ্য যে এই সমষ্টিটোত আজি বিৰোধী দলৰ মুঠ ২৯ টাকৈ পৰিয়ালে আনুষ্ঠানিকভাৱে বিজেপিৰ শৰনাপন্ন হৈ ৰংহাঙৰ সক্ৰিয় কৰ্মী হৈ পৰে৷
একেদৰে হামৰেণ সমষ্টিৰ অন্তৰ্গত কাবুং, দেউৰী তিনি-আলি আৰু ডংকামোকামত নিৰ্বাচনকেন্দ্ৰীক বিজেপিৰ অস্থায়ী কাৰ্য্যালয় দুৱাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে কাৰ্বি পৰিষদীয় ৮ নং হামৰেণ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা পৰিষদৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য মংগলছিং তিমুঙে৷
ইয়াৰ পাছতে সমষ্টিটোৰ বিজেপি দলটোৰ তেলেহৰত আয়োজন কৰা নিৰ্বাচন পৰিচালনা সমিটি সভাত অংশ লয় তিমুঙে৷ উক্ত সভাত হামৰেণ সমষ্টিটোৰ বিভিন্ন স্থানৰ নিৰ্বাচনী ৰণনীতি, পৰিকল্পনা, সমস্যা, ব্যৱস্থাপনা আদি সম্পৰ্কে পৰ্যালোচনা কৰা হয়।
বিজেপিৰ স্থানীয় কমিটিসমুহে সমষ্টিটোৰ বিভিন্ন কেন্দ্ৰত বিজেপিয়ে লাভ কৰিবলগীয়া সাম্ভাব্য ভোটৰ প্ৰতিবেদন দাখিল কৰে জনপ্ৰতিনিধি গৰাকীৰ ওচৰত৷
'আমাৰ জয়ী মানেই আমাৰ চৰকাৰ আৰু আমাৰ চৰকাৰ মানেই আমাৰ জিলাখনৰ লগতে মোৰ সমষ্টিৰ আৰু জিলাবাসীৰ হব উন্নয়ন আৰু বিকাশ৷’- এনেদৰে মন্তব্য কৰি ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা চলায় তিমুঙে।