বোকাজানঃ কাৰ্বি স্বায়ত্ত পৰিষদীয় নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে বিজেপিৰ আভ্যন্তৰত তীব্ৰতৰ হৈ পৰিছে সংঘাত। 

টিকটৰ পৰা বঞ্চিত হোৱা কেবাজনো নেতাই ইতিমধ্যে মুকলিকৈ দলীয় নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা পৰিলক্ষিত হৈছে। টিকট বঞ্চিত এইসকল নেতাই প্ৰাৰ্থীত্ব প্ৰদানৰ ক্ষেত্ৰত ব্যাপক ধনৰ লেন-দেন হোৱাৰো অভিযোগ উত্থাপন কৰিছে।

এনে এক অভিযোগ উত্থাপিত হৈছে ১৯ নং ধনশিৰি পৰিষদীয় সমষ্টিত। সমষ্টিটোত বিজেপিৰ দলীয় টিকট লাভ কৰা প্ৰদীপ ডিফুছাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে একাংশ দলীয় নেতা-কৰ্মীয়ে।

অভিযোগকাৰী নেতা-কৰ্মীসকলে দাবী কৰিছে যে বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ পৰা প্ৰদীপ ডিফুছাই  তিনি কোটি টকাৰ বিনিময়ত টিকট ক্ৰয় কৰিছে। সমষ্টিটোৰ গেৰুৱা দলটোৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী মহেশ্বৰ ৰাইজুঙে মুকলিকৈয়ে এই অভিযোগ কৰে৷

ইফালে মহেশ্বৰ ৰাইজুঙৰ এই অভিযোগক হাস্যকৰ আখ্যা দিছে টিকট লাভ কৰা ডিফুছাই। টিকট লাভ কৰিবলৈ ব্যৰ্থ হৈয়ে হতাশাত এনে মন্তব্য কৰা বুলিও উল্লেখ কৰে ডিফুছাই।

উল্লেখ্য যে কালি তালিকা ঘোষণা কৰাৰ পিছতে টিকট বঞ্চিত কেবাজনো নেতাৰ সমৰ্থকে জিলাখনৰ বিজেপি কাৰ্যালয়ৰ সমুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল।