বোকাজানঃ কাৰ্বি স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিনা কেবাগৰাী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। কালি বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন পৰিষদীয় সমষ্টিৰ ভালেকেইগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল যদিও আজিহে মনোনয়ন পত্ৰ দাখিল কৰে গৰিষ্ঠসংখ্যাক প্ৰাৰ্থীয়ে।

বিশেষকৈ বিজেপিৰ বোকাজান পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তথা প্ৰাক্তন ছাত্ৰ নেতা মাধুৰ্য ঢেকীয়াল ফুকন, বৰজান পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তথা প্ৰাক্তন কাৰ্যবাহী সদস্য লংকি টিমুং, সৰুপথাৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক আৰু পৰিষদীয় সদস্য জগত সিং ইংতি, দেওপানী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী মুকুট মহন্ত, নিলিপ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী প্ৰৱিত্ৰ ৰংপি, দুৱাৰবাগৰি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তথা প্ৰাক্তন পৰিষদীয় সদস্য ৰতন ইংতি আৰু ছ'ছেন ধেণ্টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী কাছে ৰংপিয়ে বৃহৎ সংখ্যক কৰ্মী-সমৰ্থকক লগতলৈ নিজ নিজ মনোনয়ন পত্ৰ দাখিল কৰে ৷

আনহাতে কংগ্ৰেছ দলৰ পৰা বোকাজান পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী লক্ষীৰাম ছ'য়, বৰজান পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী চন্দ্ৰ কাথাৰ, সৰুপথাৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী কাচেং টেৰাংপি, দেওপানী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী এলিছ টেৰণপি, নিলিপ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী খগেন টেৰাং, দুৱাৰবাগৰি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰাজেন ইংতি আৰু ছ'ছেন ধেণ্টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী কাৰেং টেৰাংপিয়ে নিজ নিজ মনোনয়ন পত্ৰ দাখিল কৰে ৷

তাৰোপৰি বিজেপিৰ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈ ডিফুত গঠন কৰা কাৰ্বি আংলং ডেম'ক্ৰেটিক ফ্ৰণ্টৰ পৰা বোকাজান পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তথা প্ৰাক্তন কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ পাঠক, সৰুপথাৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তথা কাৰ্বি আংলং ডেম'ক্ৰেটিক ফ্ৰণ্টৰ আহ্বায়ক সুৰ্য ৰংফাৰ, নিলীপ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী চেমচন টিছ', সৰুপথাৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী কাডম টেৰাংপি আৰু দুৱাৰবাগৰি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰিচাৰ্ড ট'কবিয়ে বৃহৎ সংখ্যক কৰ্মী-সমৰ্থকৰে শক্তি প্ৰদৰ্শন কৰি নিজ নিজ মনোনয়ন পত্ৰ দাখিল কৰে ৷

একেদৰে পাহাৰীয়া ৰাজনীতিত নিজৰ ভেটি সুদৃঢ় কৰি ৰাজ্যিক আঞ্চলিক দল অসম গণ পৰিষদেও নিজ দলৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল কৰে ৷ ক্ৰমে সৰুপথাৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ল'ৰেঞ্চ ইংতি, দেওপানী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী প্ৰহ্লাদ বাইচা, নিলীপ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী দানিয়েল টিমুং, দুৱাৰবাগৰি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ম়াৰ্চি ট'কবিপি আৰু ছ'চেনধেণ্টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী চন্দ্ৰসিং ইংতিয়েও মনোনয়ন পত্ৰ দাখিল কৰে ৷

মনোনয়ন পত্ৰ দাখিলৰ পৰৱৰ্তী সময়ত সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডা: নোমল ম'মিনে কয় যে, বিজেপি দলৰ আটাইকেইজন প্ৰাৰ্থীয়ে বিপুল ভোটত জয়যুক্ত হ'ব আৰু বিজেপিক এই পৰিষদীয় নিৰ্বাচনত জয়ী হোৱাত বাধা দিবলৈ কোনো ৰাজনৈতিক দল সক্ষম নহ'ব বুলিও তেঁও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷