বোকাজানঃ কাৰ্বি স্বায়ত্ত পৰিষদৰ নিৰ্বাচনলৈ দিন যিমানেই চমু চাপিছে পাহাৰীয়া জিলাখনত ৰাজনৈতিক দলসমূহৰ মাজত সিমানেই বৃদ্ধি পাইছে তৎপৰতা। ৰাজনৈতিক দলসমূহে নিজ নিজ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানেৰে প্ৰচাৰ কাৰ্য তুংগত কৰি তুলিছে ৷
এই নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অংশ হিচাপে আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্য সভাৰ সাংসদ ৰিপুণ বৰাই বোকাজান, বৰজান, সৰুপথাৰ আৰু দেউপানী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ক্ৰমে লক্ষীৰাম চয়, চন্দ্ৰ কাথাৰ, কাচাং টেৰাংপিৰ আৰু এলিছ টেৰণপি হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বোকাজান মহকুমাত উপস্থিত হয় ৷