ডিফুঃ আগন্তুক পৰিষদীয় নিৰ্বাচনৰ বাবে বিজেপিৰ পৰা টিকট লাভ কৰিব নোৱাৰি দলটোক এসেকা দিবলৈ গঠন কৰা কাৰ্বি আংলং ডেমক্ৰেটিক ফ্ৰণ্টে আজি জিলা প্ৰেছ ক্লাৱত এখন সংবাদ মেলৰ আয়োজন কৰি নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ আনুষ্ঠানিক ভাবে ঘোষণা কৰে৷

বৈঠালাংছ, ডিফু আৰু বোকাজান বিধান সভা সমষ্টিৰ অন্তৰ্গত দুৱাৰ আমলাত ধনীৰাম ইংলেং, আমৰিত ডিত উফিং মাছলাই, কপিলীত পৱন কুমাৰ, লাংফেৰত ফুদিং তেৰাং, মহামায়াত বিদ্যাচিং ৰংপি, ধনশিৰিত নিচ’ তেৰাংপি, সিংহাসনত প্ৰদীপ চিংনাৰ, সৰু পথাৰ কাদম তেৰাংপী, বোকাজানত জীৱন চন্দ্ৰ পাঠক, দেউপানীত সূৰ্য্য ৰংফাৰ, নিলীপত থেমচন তিচ’, দুৱাৰ বাগৰিত ৰিচাৰ্ড টকবীসহ ১৩ পৰিষদীয় সমষ্টিত প্ৰাৰ্থী আগবঢ়াই প্ৰতিদ্বন্দিতাত নামিব ফ্ৰণ্টে।

সংবাদ মেলত ডেমক্ৰেটিক ফ্ৰণ্টৰ নেতৃত্বই ৰাষ্ট্ৰীয় দলে খিলঞ্জীয়াৰ অধিকাৰকলৈ কোনো ধৰণৰ গুৰুত্ব নাই, সেয়ে বৰ্তমান কে এ ডি এফৰ দৰে দলৰ প্ৰয়োজন আহি পৰিছে৷ পৰিষদীয় নিৰ্বাচনত কেএডিএফে ৰাইজৰ সমৰ্থন কামনা কৰিছে৷

ক্ষমতাত অধিষ্ঠিত হ'লে সংবিধানৰ অনুচ্ছেদ ২৪৪( ক) ৰূপায়ণ, ষষ্ঠ অনুসূচীৰ বাবে থকা ক্ষমতাৰ সুবিধাক সাকাৰ ৰূপ দিয়া, গ্ৰাম্যঞ্চলত পকী বাট-পথ নিৰ্মাণ, সকলোকে বৈদ্যুৎৰ সুবিধা, বিশুদ্ব খোৱা পানী, সীমান্তঞ্চলৰ সুৰক্ষা, সকলো পৰিয়াললৈ সু-স্বাস্থ্যৰ ব্যৱস্থা, শিক্ষা ব্যৱস্থাৰ উন্নীত কৰা, চাকৰি আৰু ইউ পি ডি এছৰ মাৰ চুক্তি ৰূপায়ণ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে শীৰ্ষ নেতৃত্বই।