ডিফুঃ ভয়-শংকাক অমূলক প্ৰতিপন্ন কৰি শান্তিপূৰ্ণভাৱে সম্পন্ন হ’ল দ্বাদশ কাৰ্বি স্বায়ত্ত পৰিষদৰ নিৰ্বাচন।নেৰানেপেৰা বৰষুণকো নেওচি সৰ্বস্তৰৰ ভোটাৰ ৰাইজে, আনকি কোলাত পানী কেঁচুৱা লগত লৈও বহু মহিলাই পিছপৰা জিলাখনৰ সামগ্ৰিক উন্নয়ন আৰু পৰিৱৰ্তনৰ স্বাৰ্থত ভোটদান কৰে৷ স্পৰ্শ কাতৰ আৰু অতি স্পৰ্শকাতৰ অঞ্চলতো ভোটদানৰ হাৰ আছিল মন কৰিবলগীয়া ৷
কোনোধৰণৰ বেমেজালিয়ে যাতে দেখা দিব নোৱাৰে তাৰ বাবে প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে হাতত লৈছিল বিশোষ উদ্যোগ ৷