ডিফুঃ ভয়-শংকাক অমূলক প্ৰতিপন্ন কৰি শান্তিপূৰ্ণভাৱে সম্পন্ন হ'ল দ্বাদশ কাৰ্বি স্বায়ত্ত পৰিষদৰ নিৰ্বাচন।নেৰানেপেৰা বৰষুণকো নেওচি সৰ্বস্তৰৰ ভোটাৰ ৰাইজে, আনকি কোলাত পানী কেঁচুৱা লগত লৈও বহু মহিলাই পিছপৰা জিলাখনৰ সামগ্ৰিক উন্নয়ন আৰু পৰিৱৰ্তনৰ স্বাৰ্থত ভোটদান কৰে৷ স্পৰ্শ কাতৰ আৰু অতি স্পৰ্শকাতৰ অঞ্চলতো ভোটদানৰ হাৰ আছিল মন কৰিবলগীয়া ৷

♦ পশ্চিম কাৰ্বি আংলঙত ৬৫শতাংশৰ ভোটদান

♦ পূৱ কাৰ্বি আংলঙত ভোটদানৰ হাৰ ৭৫ শতাংশ 

কোনোধৰণৰ বেমেজালিয়ে যাতে দেখা দিব নোৱাৰে তাৰ বাবে প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে হাতত লৈছিল বিশোষ উদ্যোগ ৷

নিৰ্বাচনী বিষয়া আৰু কৰ্মচাৰীসকলেও ভোটকেন্দ্ৰসমূহত উৎসাহেৰে কৰ্তব্য সম্পাদন কৰা পৰিলক্ষিত হয়৷ পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়াৰ বিয়লি ৪ বজাত সামৰণি পৰে৷

বাতৰি লিখা পৰলৈকে প্ৰাপ্ত তথ্য অনুসৰি পশ্চিম কাৰ্বি আংলঙত ৬৫ শতাংশ আৰু পূৱ কাৰ্বি আংলঙত প্ৰায়, ভোটদানৰ হাৰ প্ৰায় ৭৫ শতাংশ৷ ইয়াৰে ডিফু, হাওৰাঘাট আৰু বোকাজান মহকুমাৰ পৰিষদীয় সমষ্টিৰ ভোট দানৰ হাৰ হৈছে প্ৰায় ৭৫ শতাংশ৷

নিৰ্বাচনৰ পূৰ্বে বিভিন্ন কাৰণত পাহাৰীয়া জিলা দুখন উত্তপ্ত হৈ থকালৈ চাই ভোটাৰ ৰাইজৰ অধিকাংশই শংকিত হৈ পৰিছিল। ইয়াৰ মাজতে আজি শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হোৱাত সকলোৱে স্বস্তিৰ নিশ্বাস পেলাই বাট চাই ৰৈছে ২২জুনৰ ফলাফল ঘোষণা কৰিবলগীয়া দিনটোলৈ।