খেৰণিঃ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী সদস্যৰ জল্পনা-কল্পনাৰ অন্তত এইবাৰ কাৰ্বি পাহাৰত কাৰ্যবাহী সদস্য আৰু মনোনীত প্ৰাৰ্থী বাছনিক লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা৷ ইতিমধ্যে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদত অনা-কাৰ্বি লোকৰ মাজৰ পৰা পৰিষদৰ মনোনীত প্ৰাৰ্থী লাভৰ বাবে বিভিন্ন জনগোষ্ঠীয়ে কুচকাৱাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে ৷
যোৱা ৪ জুলাইত পশ্চিম কাৰ্বি আংলং জিলাৰ সাতগাঁও গাৰো সাংস্কৃতিক ভৱনত কাৰ্বি আংলং গাৰো ইউনিয়নে এখন বৈঠক অনুষ্ঠিত কৰি পৰিষদৰ মনোনীত সদস্য সন্দৰ্ভত আলোচনা কৰে৷ গাৰো জনগোষ্ঠীৰ অধিকাংশ লোক ধৰ্মীয় সংখ্যালঘু হোৱাৰ লগতে পিছপৰা জনগোষ্ঠীটোৱে বিজেপিৰে সৈতে একেলগে কাম কৰি যোৱাৰ পোষকতা কৰে৷