ডিজিটিল ডেস্কঃ কৰ্ণাটকৰ নিৰ্বাচনলৈ মাজত মাথো চাৰিটা দিন বাকী৷ নিৰ্বাচনৰ তীব্ৰ প্ৰচাৰ চলি থকাৰ সময়তে বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী য়েডুয়াৰাপ্পাই যিসকলে ভোট দিবলৈ নাযায় তেওঁলোকক হাত ভৰি বান্ধি লৈ আহি, ভোট যিকোনো প্ৰকাৰে প্ৰদান কৰিবলৈ আহ্বান জনায়৷

কৰ্ণাটকৰ নেতা-কৰ্মী সম্বোধন কৰি শনিবাৰে কয় যে, আপোনালোকে শান্তিত নাথাকিব আৰু যদি কোনো লোকে ভোট দিবলৈ নাহে তেন্তে তেওঁৰ ঘৰলৈ যোৱা আৰু হাত ভৰি বান্ধি ভোট দান কৰিবা।এই মন্তব্য প্ৰকাশ কৰাৰ পিছত তীব্ৰ বিতৰ্কৰ আৰম্ভ হয়৷