newsnextone.com | ডিজিটেল ডেস্কঃ কংগ্ৰেছ-জেডিএছৰ মিত্ৰ বন্ধনৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ’বলৈ সক্ষম হোৱা কুমাৰস্বামীয়ে দেওবাৰে দুই দলৰ মিত্ৰতা সন্দৰ্ভত কয় যে কৰ্ণাটকৰ নিৰ্বাচনত জেডিএছ-এ জনতাৰ পৰা একক সমৰ্থন বিচাৰিছিল যদিও সেয়া লাভ নকৰাত এতিয়া কংগ্ৰেছৰ কৃপাৰ বলতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী হ’বলৈ সক্ষম হৈছে৷

কুমাৰস্বামীয়ে কয়, ‘জনতা দল চেকুলাকে অকলে চৰকাৰ গঠন কৰা নাই৷ মই ৰাজ্যখনৰ নাগৰিকৰ পৰা জনাদেশ বিচাৰিছিলো যাতে মই জনতাৰ বাহিৰে ানৰ ওচৰত মূৰ নত কৰিব লগা নহয়৷ কিন্তু এতিয়া মই কংগ্ৰেছৰ কৃপাৰে মুখ্যমন্ত্ৰী হৈছো৷ মই ৰাজ্যখনৰ প্ৰায় ৬ কোটি জনতাৰ চাপত নাই৷’

তেওঁ এয়াও কয় যে ৰাজ্যখনৰ বিকাশ আৰু উন্নয়নৰ স্বাৰ্থত তেওঁৰ দায়িত্ববোধ অপৰিসীম৷ ‘ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হোৱা হেতুকে ৰাজ্যখনৰ উন্নয়নৰ বাবে মই বহু কাম কৰিব লাগিব৷ কিন্তু কোনো কাম কৰাৰ আগতে কংগ্ৰেছ নেতাসকলৰ পৰা পৰামৰ্শ আৰু অনুমতি গ্ৰহণ কৰিব লাগে৷ তেওঁলোকৰ অনুমতি অবিহনে ৰাজ্যখনৰ হিতৰ বাবে হলেও কোনো কাম কৰিবলৈ অক্ষম৷’ কংগ্ৰেছ-জেডিএছৰ মিত্ৰতাত কুমাৰস্বামীৰ সীমাবদ্ধতা সম্পৰ্কে দুখ প্ৰকাশ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী কুমাৰস্বামীয়ে৷

আনহাতে জনতা দল চেকুলাৰক বহুমত প্ৰদান সন্দৰ্ভত মন্তহ্য কৰি কুমাৰস্বামীয়ে কয় যে ৰাজ্যখনৰ সাধাৰম জনতাই তেওঁলোকৰ দলটোক বহুমত প্ৰদান কৰা নাই৷ ইয়াৰ অৰ্থ এয়াই যে জনতাই তেওঁলোকক খাৰিজ কৰিছে৷

আনহাতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কুমাৰস্বামীয়ে শীঘ্ৰেই প্ৰধানমন্ত্ৰী আৰু অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীসকলক সাক্ষাতৰ বাবে দিল্লীলৈ ৰাওনা হ’ব বুলি জানিব পৰা গৈছে৷ কিন্তু তাৰ পূৰ্বে তেওঁ ৰাজ্যখনৰ কৃষি ঋণ মাফ কৰা সন্দৰ্ভত মন্তব্য কৰি কয় যে কৃষি ঋণ মাফ কৰিব বিচৰাটো তেওঁৰ প্ৰথম প্ৰতিশ্ৰুতি আছিল৷ এই প্ৰতিশ্ৰুতি তেওঁ পূৰণ কৰাত বিফল হয়, তেন্তে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বুলিও কুমাৰস্বামীয়ে মন্তব্য কৰে৷