newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ কংগ্ৰেছ-জেডিএছ মিত্ৰজোঁটৰ চৰকাৰখনে বৃহস্পতিবাৰে প্ৰথমখন বাজেট উত্থাপন কৰিব৷ ইয়াৰ লগে লগে কুমাৰস্বামী নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ কৃষক ঋণসমূহ মাফ কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে৷

সদ্যসম্পন্ন বিধানসভা নিৰ্বাচনৰ সময়ত কুমাৰস্বামী নেতৃত্বাধীন জেডিএছে শাসনাধিষ্ঠিত হোৱাৰ ২৪ ঘন্টাৰ ভিতৰত সহকাৰী আৰু ৰাষ্ট্ৰীয়কৃত বেংকৰ ঋণ মাফ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ শাসনাধিষ্ঠিত হোৱাৰ পিছত বিত্ত বিভাগৰ মন্ত্ৰী তথা মুখ্যমন্ত্ৰী কুমাৰস্বামীয়ে মিত্ৰ চৰকাৰে পালন কৰিবলগীয়া বাধ্যবাধকতা আৰু ৰাজ্যৰ আৰ্থিক স্থিতি অধ্যয়নৰ বাবে কৃষি ঋণ মাফ কৰাৰ পলম হোৱা বুলি মন্তব্য কৰিছিল৷

ইফলে কিছু সংখ্যক চৰকাৰী বিষয়-ববীয়াই কৃষি ঋণ মাফ ৰেহাইয়ে ৰাজ্যৰ আৰ্থিক স্থিতিত প্ৰভাৱ পেলাব বুলি মন্তব্য কৰিছে৷ আনহাতে খোদ কুমাৰস্বামীয়ে বিত্ত ব্যৱস্থাৰ বিশেষজ্ঞ নহয় বুলি মন্তব্য কৰাৰ পিছত এতিয়া কৃষি ঋণ ৰেহাইৰ সন্তোলন কেনেদৰে বজাই ৰাখিব সেয়া লক্ষণীয় বিষয় হৈ পৰিছে৷ আনহাতে পূৰ্ব চৰকাৰৰ যোজনা তথা নতুন চৰকাৰৰ আঁচনি, যোজনা সমূহ বৰ্তাই ৰখাটোও কুমাৰস্বামীৰ বাবে এক প্ৰত্যাহ্বান হিচাপে থিয় দিব বুলি বিভিন্নজনে চৰ্চা চলাইছে৷

চৰকাৰৰ কাম-কাজ সুচাৰু ৰূপে পৰ্যবেক্ষণ কৰিবলৈ গঠিত কংগ্ৰেছ-জেডিএছ সমন্বয় সমিতিয়ে দেওবাৰে আগন্তক ৫ বছৰৰ বাবে সাধাৰণ ক্ষুদ্ৰ ভাট্টাৰ অনুমোদন জনাইছে৷ যাৰ ভিতৰত কৃষি ঋণ ৰেহাই, এক কোটি চাকৰি নিৰ্মাণ আৰু ১.২৫ লাখ কোটি টকা পানী যোগানৰ বাবে আবন্টনৰ অনুমোদন জনোৱা হৈছে৷ লগতে আগন্তক ৫ বছৰৰ বাবে ২০ লাখ গৃহহীনক গৃহ প্ৰদান, স্বাস্থ্য নীতি তথা পূৰ্ব চৰকাৰৰ ‘আৰোগ্য কৰ্ণাটক’ সংযুক্ত কৰা হৈছে৷

ইফালে, পূৰ্ব চৰকাৰৰ বিত্ত বিভাগ চলাই নিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমন্বয় সমিতিৰ অধ্যক্ষ সিদ্ধাৰামাইয়াই অলপতে কৈছিল যে, কৃষি ঋণ মাফ কৰাৰ বাবে নতুন বাজেটৰ প্ৰয়োজন নাই৷ আনফালে, বুধবাৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে আশ্বাস প্ৰদান কৰি কয় যে চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ দৰে কৃষি ঋণ ৰেহাই কৰি দেশৰ কৃষক সকললৈ এক নতুন আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হ’ব৷

ৰাহুল গান্ধীয়ে টুইট কৰি কয়, ‘কৰ্ণাটকত বাজেটৰ পূৰ্ব লমীক্ষাৰ ওপৰত মোৰ সম্পূৰ্ণ ভৰসা আছে যে কংগ্ৰেছ-জেডিএছ চৰকাৰে কৃষকৰ ঋণ ৰেহাই দি আৰু কৃষি কাৰ্যত অধিক লাভ আদায়ৰ বাবে আমি প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰিব৷’

তেওঁ কয়, ‘এই বাজেটখনে কৃষকৰ ঋণ মাফ কৰি সমগ্ৰ দেশৰ কৃষকৰ মনত আশাৰ সঞ্চাৰ কৰিব৷ কৃষকৰ বাবে এটা নতুন যুগৰ আৰম্ভণি ঘটিব বুলিব পাৰিব৷’