newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ কংগ্ৰেছ-জেডিএছ মিত্ৰজোঁটৰ চৰকাৰখনে বৃহস্পতিবাৰে প্ৰথমখন বাজেট উত্থাপন কৰিব৷ ইয়াৰ লগে লগে কুমাৰস্বামী নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ কৃষক ঋণসমূহ মাফ কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে৷
সদ্যসম্পন্ন বিধানসভা নিৰ্বাচনৰ সময়ত কুমাৰস্বামী নেতৃত্বাধীন জেডিএছে শাসনাধিষ্ঠিত হোৱাৰ ২৪ ঘন্টাৰ ভিতৰত সহকাৰী আৰু ৰাষ্ট্ৰীয়কৃত বেংকৰ ঋণ মাফ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ শাসনাধিষ্ঠিত হোৱাৰ পিছত বিত্ত বিভাগৰ মন্ত্ৰী তথা মুখ্যমন্ত্ৰী কুমাৰস্বামীয়ে মিত্ৰ চৰকাৰে পালন কৰিবলগীয়া বাধ্যবাধকতা আৰু ৰাজ্যৰ আৰ্থিক স্থিতি অধ্যয়নৰ বাবে কৃষি ঋণ মাফ কৰাৰ পলম হোৱা বুলি মন্তব্য কৰিছিল৷