newsnextone.com | ডিজিটেল ডেস্কঃ বিধায়ক কিনা-বেচা, গণতন্ত্ৰৰ হত্যা আদি বিভিন্ন বিষয়েৰে দেশৰ ৰাজনৈতিক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা কৰ্ণাটকৰ ৰাজনীতিৰ অস্থিৰ অৱস্থাৰ অৱশেষত অৱসান ঘটিল৷ শনিবাৰৰ বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া কৰ্ণাটক বিধানসভাৰ আস্থাভোটৰ পূৰ্বেই পদত্যাগ কৰে বিজেপিৰ মুখ্যমন্ত্ৰী বিএছ যেদুয়াৰাপ্পাই৷ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই কংগ্ৰেছ আৰু জেডিএছে চৰকাৰ গঠন কৰিব৷ বিজেপিৰ হাতত ১০৪, কংগ্ৰেছৰ হাতত ৭৮, জেডিএছৰ ৩৮ আৰু দুটা নিৰ্দলীয়াৰ ভোটৰ ওপৰত ভিত্তি কৰি আস্থাভোটৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও বিধান সভাৰ মজিয়াত আবেগিক ভাষণ প্ৰদান কৰি অৱশেষত পদত্যা কৰে য়েদুয়াৰাপ্পাই৷ 

বিজেপিয়ে দাবী কৰা অনুসৰি আস্থাভোটত সংখ্যাগৰিষ্ঠতা প্ৰতিপন্ন কৰাৰ কথা আছিল যদিও অৱশেষত বিফল হ’ল বিজেপি৷ বিজেপিয়ে আস্থা ভোটৰ পূৰ্বেই পলায়ন কৰে মঞ্চৰ পৰা৷ এতিয়া চৰকাৰ গঠন কৰিব কংগ্ৰেছ আৰু জেডিএছে৷

শনিবাৰে পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা কৰ্ণাটক বিধান সভাৰ অধিবেশনত সঘনাই পট পৰিৱৰ্তন হৈ আহিছিল৷ বাৰে বাৰে খবৰ ওলাইছিল কংগ্ৰেছৰ দুজন আৰু জেডিএছৰ দুজন বিধায়ক নিৰুদ্দেশ হৈ আছে বুলি৷ কৰ্ণাটক বিধান সভাৰ ভিতৰচৰাত ৰাজনৈতিক পৰিৱৰ্তনৰ দিশে আগবঢ়াৰ লগে লগে আস্থা ভোটৰ দিশে আগবাঢ়ে বিধান সভাৰ পৰিৱেশ৷ মাজতে সংবাদ মাধ্যমত বিজেপিৰ মুখ্যমন্ত্ৰী য়েদুয়াৰাপ্পাই আস্থা ভোটৰ পূৰ্বেই পদত্যাগ কৰে৷ মুঠৰ ওপৰত শনিবাৰৰ পুৱাৰে পৰা ব্যাপক জল্পনা-কল্পনা আৰম্ভ হৈছিল দিও কংগ্ৰেছ জেডিএছে শেষ হাঁহি মাৰে৷

শনিবাৰৰ পুৱাৰে পৰা সমগ্ৰ দেশবাসীৰ দৃষ্টি কৰ্ণাটকৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত আছিল৷ শনিবাৰৰ দিনটোত বিজেপি নে কংগ্ৰেছ আৰু জেডিএছ জয়ী হ’ব সেই খবৰ লবলৈ দেশবাসীয়ে কৰ্ণাটকৰ দিশে দৃষ্টি নিক্ষেপ কৰা পৰিলক্ষিত হৈছিল৷ সংবাদমাধ্যম, ছচিয়েল মিডিয়াত কৰ্ণাটকৰ আস্থা ভোটক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছিল৷ শনিবাৰে বিয়লি ৪ বজাত আস্থা ভোট অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু পূৰ্বে অনুমান কৰা মতেই আস্থা ভোটত কংগ্ৰেছ আৰু জেডিএছে শেষ হাঁহি মাৰিব বুলি ধাৰণা কৰা হৈছিল৷ কিন্তু বিজেপিয়ে সঁজোৱা ভাতৰ কাহী এৰি থৈ যাব লগা হয়৷ এক কথাত কবলৈ গলে বিজেপিয়ে ঘোৰা কিনাত বিফল হয়৷ 

বিজেপিয়ে শেষ হাঁহি মাৰিব লাগিলে বিধায়ক কিনিবই লাগিব৷ বিজেপিয়ে ঘোৰা কিনাত বিফল হয়৷ কংগ্ৰেছ আৰু জেডিএছে নিজৰ বিধায়ক সুৰক্ষিত ৰাখি কংগ্ৰেছ আৰু জেডিএছে মিত্ৰজোঁটে ১১৬গৰাকী বিধায়কৰ সমৰ্থন আছে বুলি কৈ আহিছিল৷ পূৰ্বে ইমান খিনি বিধায়কক লৈ স্বাক্ষৰ সহ ৰাজ্যপালক পত্ৰ প্ৰদান কৰি চৰকাৰ গঠনৰ বাবে দাবী জনাইছিল যদিও ৰাজ্যপালে ১০৪গৰাকী বিধায়ক থকা বিজেপি দলক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনোৱাৰ লগতে বিজেপিৰ বিধায়িনী দলৰ নেতাক মুখ্যমন্ত্ৰী ৰূপে শপত কৰোৱাই৷ 

তাৰ লগে লগে কংগ্ৰেছ আৰু জেডিএছে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে আৰু উচ্চতম ন্যায়ালয়ে শনিবাৰৰ ভিতৰত আস্থা ভোট অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিয়ে৷ বিজেপি দলক দৰকাৰ ৮টা ভোটৰ মানে ৮ গৰাকী বিধায়কৰ দৰকাৰ কৰ্ণাটকৰ বিধান সভাত সংখ্যাগৰিষ্ঠ দল হ’বলৈ৷ 

কংগ্ৰেছ জেডিএছে অভিযোগ কৰা মতে তেওঁলোকৰ বিধায়কক ১০০-৩০০ কোটি পৰ্যন্ত টকাৰ অফাৰ দিয়া হৈছিল৷ বিধায়ক ক্ৰয় কৰিবৰ বাবে বিজেপিয়ে চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছিল৷ যাৰ বাবে জেডিএছ আৰু কংগ্ৰেছে নিজ নিজ দলৰ বিধায়কক হোটেলত আৱদ্ধ কৰি ৰাখিব লগা হৈছিল৷ কংগ্ৰেছে হায়দৰাবাদৰ হোটেল তাজত নিজ দলৰ বিধায়কক ৰাখিব লগা হৈছিল৷ এতিয়া কংগ্ৰেছ আৰু জেডিএছে চৰকাৰ গঠনৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে৷

য়েদুয়াৰাপ্পাই পদত্যাগ কৰাৰ খবৰ প্ৰচাৰ হোৱাৰ লগে লগে কংগ্ৰেছ আৰু জেডিএছৰ সমৰ্থক উৎফুল্লিত হৈ পৰে৷ ৰাজ পথলৈ ওলাই আহি মিঠাই বিতৰণ কৰি উল্লাস প্ৰকাশ কৰে৷