newsnextone.com | ডিজিটেল ডেস্কঃ বিধায়ক কিনা-বেচা, গণতন্ত্ৰৰ হত্যা আদি বিভিন্ন বিষয়েৰে দেশৰ ৰাজনৈতিক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা কৰ্ণাটকৰ ৰাজনীতিৰ অস্থিৰ অৱস্থাৰ অৱশেষত অৱসান ঘটিল৷ শনিবাৰৰ বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া কৰ্ণাটক বিধানসভাৰ আস্থাভোটৰ পূৰ্বেই পদত্যাগ কৰে বিজেপিৰ মুখ্যমন্ত্ৰী বিএছ যেদুয়াৰাপ্পাই৷ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই কংগ্ৰেছ আৰু জেডিএছে চৰকাৰ গঠন কৰিব৷ বিজেপিৰ হাতত ১০৪, কংগ্ৰেছৰ হাতত ৭৮, জেডিএছৰ ৩৮ আৰু দুটা নিৰ্দলীয়াৰ ভোটৰ ওপৰত ভিত্তি কৰি আস্থাভোটৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও বিধান সভাৰ মজিয়াত আবেগিক ভাষণ প্ৰদান কৰি অৱশেষত পদত্যা কৰে য়েদুয়াৰাপ্পাই৷
বিজেপিয়ে দাবী কৰা অনুসৰি আস্থাভোটত সংখ্যাগৰিষ্ঠতা প্ৰতিপন্ন কৰাৰ কথা আছিল যদিও অৱশেষত বিফল হ’ল বিজেপি৷ বিজেপিয়ে আস্থা ভোটৰ পূৰ্বেই পলায়ন কৰে মঞ্চৰ পৰা৷ এতিয়া চৰকাৰ গঠন কৰিব কংগ্ৰেছ আৰু জেডিএছে৷