newsnextone.com | ডিজিটেল ডেস্কঃ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে দিনেশ গুণ্ডুৰাওক কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছে৷ ইয়াৰ বাহিৰেও ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা ইশ্বৰ খাণ্ডৰেক কাৰ্যকৰী অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰে৷

কংগ্ৰেছৰ সাংগঠনিক মুখ্য সচিব অশোক গহলোতৰ তৰফৰ পৰা জাৰি কৰা এক বিবৃতিত এই বিষয়ে জানিবলৈ দিয়ে৷

ইয়াৰ পূৰ্বে জী পৰমেশ্বৰে কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটিৰ অধ্যক্ষৰ গুৰুদায়িত্ব পালন কৰি আছিল৷ তেওঁ কংগ্ৰেছ-জেডিএছ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্ত হোৱাত তেওঁৰ ঠাইত নতুন অধ্যক্ষৰ নিযুক্তি প্ৰদান কৰা হয়৷ 

ইফালে, ৰাজ্যখনৰ প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত অধ্যক্ষ আৰু কাৰ্যকৰী অধ্যক্ষৰ বিষয়ে ঘোষণা কৰি গহলোতে কয়, ‘জী পৰমেশ্বৰে বিগত ৮ বছৰ ধৰি সফলতাপূৰ্বক দলৰ নেতৃত্ব দি আহিছিল৷ তেওঁ কংগ্ৰেছ দলৰ বাবে কৰা অশেষ কষ্টৰ বাবে তেওঁৰ ওচৰত আমি চিৰ কৃতজ্ঞ৷ জী পৰমেশ্বৰে ৰাজ্য উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত কংগ্ৰেছৰ নতুন নেতৃত্বৰ প্ৰয়োজন হৈছে৷’

উল্লেখ্য যে, দিনেশ গুণ্ডুৰাও বৰ্তমান কংগ্ৰেছৰ বিধায়ক হোৱাৰ লগতে ইয়াৰ পূৰ্বে তেওঁ কাৰ্যকৰী অধ্যক্ষৰ ভূমিকা পালন কৰি আহিছিল৷ তেওঁ সিদ্ধাৰামাইয়া চৰকাৰৰ মন্ত্ৰীসভাৰ মন্ত্ৰী হিচাপেও দায়িত্বভাৰ পালন কৰিছিল৷