newsnextone.com | ডিজিটেল ডেস্কঃ শনিবাৰৰ পুৱাৰে পৰা অনুষ্ঠিত কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ ৭০ শতাংশ শতাংশ ভোটদান কৰে জনগণে৷ পুৱাৰে ভোট কৰিবলৈ ভোট দান কৰিবলৈ ওলাই আহি জনগণে ৰেকৰ্ড গঢ়ে৷ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত পুৱাৰে পৰা অনুষ্ঠিত ভোটদানত লানি নিছিগা সোঁত বয় ৰাইজৰ৷ দিনৰ ৫ বজালৈ কৰ্ণাটকত ৬১ শতাংশ ভোট দান সাব্যস্ত কৰি এক নতুন ইতিহাস ৰচিলে ভোটাৰে৷
তাৰ পিছকে সৰ্বমুঠ ৭০ শতাংশ ভোটদানেৰে সামৰণি পৰে ভোটদান প্ৰক্ৰিয়াৰ৷ শনিবাৰে পুৱাৰে পৰা কৰ্ণাটক বিধান সভাৰ ২২২টা সমষ্টিত ভোট দান অনুষ্ঠিত হৈছিল৷ ভোটদান সমাপ্ত হোৱাৰ পাছতে ৰাজনৈতিক বিশ্লেষকে অনুমান কৰা মতে কংগ্ৰেছ ডাঙৰ পাৰ্টি হৈ ওলাই অহাৰ লগতে জেডিএছ কিং মেকাৰ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে৷