newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফলত কোনো দলেই সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ’ল৷ যাৰ ফলত চৰকাৰ গঠনৰ সকলো সিদ্ধান্ত ৰাজ্যখনৰ ৰাজ্যপালৰ ওচৰত ন্যস্ত হৈ পৰিছে৷ ৰাজ্যপালে কোন দলক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ কৰিব সেই লৈ জল্পনা কল্পনা চলি থকাৰ সময়তে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে চিপিএমৰ অধ্যক্ষ সীতাৰাম য়েচুৰীয়ে৷
মঙলবাৰে নিৰ্বাচনৰ ফলাফল প্ৰকাশ হোৱাৰ পিছতে সীতাৰাম য়েচুৰীয়ে কয় যে মণিপুৰ, গোৱা আৰু মেঘালয়ত চৰকাৰ গঠনৰ বাবে বৃহৎ দলক আমন্ত্ৰণ কৰা হোৱা নাছিল৷ গতিকে এই নিয়ম কৰ্ণাটকৰ গঠনতো পালন কৰিব লাগে৷