newsnextone.com | ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ বিশেষ বৈঠক অনুষ্ঠিত হ’ব৷ ছোনীয়া গান্ধীৰ নিৰ্দেশত ইতিমধ্যে গোলাম নবী আজাদ, অশোক গেইলট, মল্লিকাৰ্জুন খাৰ্গেয়ে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আৱাসত বিশেষ বৈঠত অনুষ্ঠিত কৰিছে৷ বৈঠত সমাপ্ত হোৱাৰ পিছতে মুখ্যন্ত্ৰী সিদ্দাৰামায়াই ৰাজ্যপালক সাক্ষাৎ কৰিব বুলি খবৰ আহিছে৷ ৰাজনৈতিক ঘটনাক্ৰম সলনি হোৱাৰ লগে লগে কংগ্ৰেছে জেডিএছক সমৰ্থন দিয়াৰ কথা ঘোষণা কৰে৷ গোলাম নবী আজাদে খোদ এই কথা ঘোষণা কৰে৷
কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ ২২২ খন আসনৰ ভোটগণনা মঙলবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে৷ এতিয়ালৈ ঘোষণা কৰা ফলাফল অনুসৰি বিজেপিয়ে ৯৪ খন আসনত জয়ী হৈছে আনহাতে ১০ খন আসনত আগবাঢ়ি আছে৷ কংগ্ৰেছে এতিয়া লৈ ৬৯ খন আসনত জয়ী হোৱাৰ লগতে ৯ খন আসনত আগবাঢ়ি আছে৷ জেডিএছে ২৮ খন আসনত জয়ী হোৱাৰ লগতে ১০ খন আসনত আগবাঢ়ি আছে৷