কাজিৰঙাঃ কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বোকাখাত সমষ্টিত দেওবাৰে কাৰ্যতঃ দুখনকৈ হেলিকপ্তাৰেৰে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলে ৰাজ্যিক বিজেপিয়ে৷ গগৈ পৰিয়ালৰ নিৰাপদ সমষ্টি হিচাপে পৰিগণিত কলিয়াবৰ সমষ্টিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক প্ৰভাৰী ডঃ মহেন্দ্ৰ সিং, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংসদ কামাখ্যা প্ৰসাদ তাছাকে ধৰি একাধিক নেতাই ৰাজ্যিক চাহ মৰ্চাৰ কাৰ্যকাৰিতা সভাত পাঁচ সহস্ৰাধিক চাহ বাগিছাৰ বিজেপি কৰ্মকৰ্তাৰ আগত চৰকাৰে চাহ শ্ৰমিকৰ বাবে গ্ৰহণ কৰা আঁচনিৰ বিস্তৃত ব্যাখ্যা আগবঢ়ায়৷ 

সভাত মুখ্যমন্ত্ৰীয়ে নিজৰ বক্তব্যত কয় যে নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতবৰ্ষত পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। অসমৰ মানচিত্ৰত চাহ শ্ৰমিকে বিশ্বত পৰিচয় কৰাই দিবলৈ সক্ষম হৈছে। কংগ্ৰেছে ৫৫ বছৰ শাসনত থাকিও কোনো উল্লেখযোগ্য পদক্ষেপ ল’ব নোৱাৰিলে। নৰেন্দ্ৰ মোডীয়ে উল্লেখযোগ্য পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। 

অসমৰ প্ৰতিখন চাহ বাগিচাত সৰ্বাঙ্গীণ উন্নয়ন সাধিছে বি জে পিয়ে। বিমুদ্ৰাকৰণৰ জৰিয়তে চাহ শ্ৰমিক সকলে বেংক একাউণ্ট খুলিলে। ৰাজ্যৰ আঠ লাখ চাহ শ্ৰমিকে বেংক একাউণ্ট খুলিলে। এতিয়া কোনো দালালে ধন আত্মসাৎ কৰিব নোৱাৰা হ’ল। দহ বছৰৰ পিছত চাহ শ্ৰমিকলৈ বলিষ্ঠ পৰিবৰ্তন আহিব। চাহ শ্ৰমিকৰ লৰা ছোৱালীয়ে পঢ়াৰ বাবে চিন্তা কৰিব নেলাগে। চাহ বাগিছা অত্যাধুষিত অঞ্চলত ১০০ খন হাইস্কুল চৰকাৰে খুলিব। চাহ বাগানীয়া ভাষাত বক্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। চাহ শ্ৰমিকৰ মাজত বহুত প্ৰতিভা আছে। কংগ্ৰেছে ৫৫ বছৰত এই সমুহক গুৰুত্ব প্ৰদান নকৰিলে। এতিয়া সকলো চাহ বাগিচাত ফেভাৰ ব্লক পথ নিৰ্মাণ কৰা হ’ল। 

সকলো শ্ৰমিক গৰ্ভৱতী মহিলাক আঁচনিৰ জৰিয়তে পইচা দিয়া হৈছে। পইচা ডাঙৰ নহয়, মৰম ডাঙৰ। বি জে পি চৰকাৰে মৰম দিছে। অনগ্ৰসতাৰ বাবেই বহু পৰিয়াল সামাজিক ব্যাধি আৰু কু-সংস্কাৰ আছে। কংগ্ৰেছে কোনো গুৰুত্ব নিদিলে। কথাৰে নহয় বন্ধু কামেৰে পৰিচয় দিব লাগিব। সেয়ে বি জে পিয়ে কাম কৰিছে। কংগ্ৰেছে চাহ শ্ৰমিকক বহু পিছুৱাই নিলে বি জে পিয়ে আগুৱাই নিব। চাহ বাগিচা এলেকাত নিজৰ জন্ম বুলি কৈ নষ্টালজিক হৈ পৰে মুখ্যমন্ত্ৰী সোণোৱাল। 

পুনৰ নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হ’ব। আকৌ এবাৰ মোডী চৰকাৰ হ’ব। নৰেন্দ্ৰ মোডী চৰকাৰত সকলো সুৰক্ষিত। সেয়ে পদুমৰ ছবিত ভোট দি বি জে পিক জয়ী কৰোৱাৰ আহবান জনায় মুখ্যমন্ত্ৰীয়ে৷

সভাত নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণ ৰাখি কয় যে বিমুদ্ৰাকৰণৰ সময়ত দিল্লীৰপৰা নিৰ্দেশত বাগিছাৰ শ্ৰমিকৰ বেংক একাউন্ট নাছিল৷ আমাৰ চৰকাৰৰ দিনত বৰ্তমানলৈকে ৮ লাখ একাউন্ট খুলিছো৷ বেংক একাউন্ট জীয়াই ৰাখিবৰ বাবে চৰকাৰে ২৫০০ টকাকৈ ভৰাই দিয়া হ’ল৷ পাছত পুনৰ ২৫০০ টকা ভৰাই দিয়া হল৷ মৃত্যু হলে ২ লাখ, দুৰ্ঘটনা হলে ১ লাখ পাব৷ ৫০ বছৰৰ তলৰ লোকক অটল পেঞ্চন আঁচনি কাৰ্যকৰী হ’ব৷ বৰ্তমানলৈকে বাগিছাৰ পথৰ বাবে ৫৭০ কোটি মোকলাই দিয়া হৈছে৷ ৬ খন বাছৰ জৰিয়তে ৰক্ত সংগ্ৰহ কৰা হ’ব৷ ইয়াৰে ৩০ শতাংশ বাগিছাৰ বাবে সংৰক্ষিত হ’ব৷ সোনকালেই বাগিছাৰ গৰ্ভাৱতী মহিলাই ৫ মাহৰ ছুটি পাব৷ বাগিছাৰ মালিক পক্ষই চৰকাৰক এটা পৰিয়াল ২০ বছৰ সেই স্থানত থাকিব বুলি লিখি দিলে চৰকাৰে প্ৰতি শ্ৰমিক পৰিয়ালক ১ লাখ টকা প্ৰদান কৰিব৷ ১ এপ্ৰিলৰপৰা চাগিছাত চৰকাৰী ঔষধ উপলব্ধ হ’ব৷ 

বাগিছাত প্ৰতি বছৰে ১০ হাজাৰ যুৱকক স্বয়ম ঋণৰ জৰিয়তে ২৫ হাজাৰ টকা প্ৰদান কৰিব৷ চাগিছাৰ ৪৫০ খন বিদ্যালয়ত ইউনিফৰ্মৰ বাবে ৬৫০ টকা প্ৰদান কৰাৰ লগতে ব্ৰেক ফাষ্ট আৰু বিয়লী এটাকৈ কণী প্ৰদান কৰিব৷ মেট্ৰিক পাছ কৰি উচ্চ শিক্ষা গ্ৰহণ কৰিলে বাগিছাৰ প্ৰতি শিক্ষাৰ্থীক প্ৰতি বছৰে ১০ হাজাৰ টকাকৈ প্ৰদান কৰিব৷ লোকসভা নিৰ্বাচনত আস্থা আৰু উন্নয়ণৰ ইস্তাহাৰেৰে সনাতনী ধৰ্মৰ ওপৰত বিশ্বস ৰাখি বিজেপি দল অৱতীৰ্ণ হ’ব বুলি ৰাইজৰ আগত শৰ্মাই মন্তব্য আগবঢ়ায়৷

আনহাতে, সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত ডঃ শৰ্মাই কয় যে কেব সাংবাদিকৰহে সৃষ্টি৷ নিৰ্বাচনত কেবৰ প্ৰভাৱ নপৰে৷ উত্তৰ পূৰ্বাঞ্চলত ১৯ ৰপৰা ২১ খন আসন গেৰুৱাদলটোৱে লাভ কৰিব বুলি কোৱাৰ লগতে আগন্তুক নিৰ্বাচনতে তেওঁ ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰৱেশ কৰাৰ ইংগিত দিয়ে৷ চাহ মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালাই আদৰণী ভাষণ দিয়া সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জীত দাস, মন্ত্ৰী তপন কৰ্মকাৰ, পল্লৱ লোচন দাস, সাংসদ কামাখ্যা প্ৰসাদ তাছাই বক্তব্য ৰাখে৷ 

বোকাখাত ৰাজহুৱা খেলপথাৰত অনুস্থিত সভাত বিধায়ক সঞ্জয় কৃষাণে ঝুমুৰ পৰিৱেশন কৰে৷ সভাত বিধায়ক মৃণাল শইকীয়া, অশোক সিংঘাল, ডাঃ নোমল মমিনো উপস্থিত থাকে৷ সভাত বহুকেইজনে বি জে পিত যোগ দিয়ে৷