কাজিৰঙাঃ এখন বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যত আন্দোলন-প্ৰতিবাদ চলি থকাৰ মাজতে মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে বৃহৎ সাফল্য লাভ কৰিছে। 

গোলাঘাট জিলাৰ দুখন মিচিং স্বায়ত্ত শাসিত পৰিষদীয় সমষ্টি ২৯ নং গেলাবিল আৰু ২৮ নং দিচৈ ধনশিৰি সমষ্টিত বিজেপি আৰু সন্মিলিত গনশক্তি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয় লাভ কৰিছে। জিলাখনৰ একমাত্ৰ সোণোৱাল কছাৰী পৰিষদীয় সমষ্টিটোতো বিজেপিয়ে জয় লাভ কৰিছে। ২৯ নং গেলাবিল মিচিং স্বায়ত্ত শাসিত পৰিষদীয় সমষ্টিত বিজেপি আৰু সন্মিলিত গনশক্তিৰ মিত্ৰজোঁট প্ৰাৰ্থী লিভা পেগুয়ে ৩২৬৭ টা ,অগপৰ প্ৰাৰ্থী নিকুঞ্জ বৰিয়ে ৩২১৩ টা, কংগ্ৰেছৰ প্ৰাৰ্থী সুকন্যা দলে টাইদে ২৯১৭ আৰু নিৰ্দলীয় প্ৰাৰ্থী ৰেখামনি পেগুৱে ৩৮৩ টা ভোট লাভ কৰে। 

ভোট দানৰ মুঠ ১০০১৫ টা ভোটৰ ভিতৰত ২৩৫ টা ভোট নাকচ হয়। মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২৮ নং ধনশ্ৰী দিচৈ সমষ্টিৰ বিজেপি আৰু সন্মিলিত গনশক্তিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সুধীৰ চন্দ্ৰ মৰাঙে নিকটতম প্ৰাৰ্থী অসম গণ পৰিষদৰ সুৰেন বৰিক ১৩৭২ ভোটৰ ব্যৱধানত পৰাস্ত কৰে। মিত্ৰজোঁটৰ প্ৰাৰ্থী সুধীৰ চন্দ্ৰ মৰাঙে ৪৫৪২ টা অগপৰ প্ৰাৰ্থী সুৰেন বৰিয়ে ৩১৭০ টা আৰু কংগ্ৰেছৰ সুৰেশ মৰাঙে ২৭৮০ টা ভোট লাভ কৰে। 

ইপিনে, ২০ নং গোলাঘাট সোণোৱাল কছাৰী পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থী ৰাজু সোণোৱালে ২১০৭ টা, কংগ্ৰেছৰ প্ৰাৰ্থী অজিত সোণোৱালে ১৮২৫ টা আৰু নিৰ্দলীয় প্ৰাৰ্থী ১০০৯টা ভোট লাভ কৰে। ভোটদান কৰা মুঠ ৫০৪০ টা ভোটৰ ভিতৰত ১৩৯ টা ভোট নাকচ হয়৷