কাজিৰঙাঃ যিসময়ত কংগ্ৰেছ, বি জে পি তথা এ আই ইউ ডি এফৰ দৰে ৰাজনৈতিক দলে বিভিন্ন প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি ভোটাৰৰ মন জয় কৰিবৰ বাবে চেষ্টা কৰিছে, ঠিক তেনে সময়ত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কোনো ধৰণৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ নকৰাৰ কথা ঘোষণা কৰিছে অগপ দলে৷ 

কাজিৰঙাত উপস্থিত হৈ এই কথা ঘোষণা কৰিছে স্বয়ং অগপৰ কেন্দ্ৰীয় সভাপতি তথা বোকাখাতৰ বিধায়ক, মন্ত্ৰী অতুল বৰাই। উল্লেখ্য যে, ৰাজ্যত এতিয়া তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। বিভিন্ন দলৰ বিভিন্ন প্ৰাৰ্থীয়ে বিভিন্ন কৌশল অৱলম্বন কৰি চলাইছে নিৰ্বাচনী প্ৰচাৰ।

আনফালে, ব্যতিক্ৰম নহয় বোকাখাত সমষ্টিও। বোকাখাত সমষ্টিৰ বিধায়ক তথা  কৃষিমন্ত্ৰী  অতুল বৰাই কাজিৰঙাৰ বুঢ়ী মাই মন্দিৰত ভগৱানৰ আশিস লৈ আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। মন্ত্ৰীজনে বোকাখাত সমষ্টিৰ পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰপৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে। অগপৰ সমৰ্থক সকলে গোলাঘাট আৰু নগাঁও জিলাৰ সীমান্তৱৰ্তী অঞ্চল বাগৰীৰপৰা গাড়ী আৰু মটৰ চাইকেলেৰে আদৰি আনে মন্ত্ৰী গৰাকীক। 

অন্যহাতে মন্ত্ৰী অতুল বৰাই বোকাখাত সমষ্টিত থকা ২০ খন  গাঁও পঞ্চায়তৰ ভিতৰত ৫ খন  গাঁও পঞ্চায়তত প্ৰথম পৰ্যায়ত নিৰ্বাচনী প্ৰচাৰ চলায়। ইফালে, নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ নকৰাৰ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় য়ে ৰাইজক ডাঙৰ-ডাঙৰ প্ৰতিশ্ৰুতি দি লাভ নাই। ৰাইজক প্ৰতিশ্ৰুতি দিয়াৰ বাদে কাম কৰি ৰাইজৰ সমস্যাসমূহ সমাধান কৰাটো প্ৰধান কাম। নিৰ্বাচনৰ পূৰ্বে বিভিন্ন ৰাজনৈতিক দলে ইস্তাহাৰ প্ৰকাশ কৰি বহু প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনৰ পিছত সকলো পাহৰে। গতিকে এইবাৰ অগপ দলে পূৰ্বৰ নীতি ভংগ কৰি ৰাইজৰ সমস্যা দূৰ কৰাত প্ৰধান ভূমিকা পালন কৰিব বুলি মন্ত্ৰী অতুল বৰাই জানিব দিয়ে।

ৰাইজক ক’ব লগীয়াখিনি গোহাৰিৰ জৰিয়তে প্ৰকাশ কৰিছে বুলিও মন্ত্ৰীয়ে সাংবাদিকৰ আগত মত প্ৰকাশ কৰে৷ যিসময়ত বি জে পি, কংগ্ৰেছ, এ আই ইউ ডি এফে নিজৰ ইস্তাহাৰ প্ৰকাশ কৰি আচলতে নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰিছে ঠিক তেনে সময়তে অগপই কোনো ধৰণৰ ইস্তাহাৰ প্ৰকাশ নকৰো বুলি মুকলিকৈ ঘোষণা কৰিছে কাজিৰঙাত উপস্থিত হৈ অগপৰ কেন্দ্ৰীয় সভাপতি তথা মন্ত্ৰী অতুল বৰাই। 

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ইতিমধ্যে সমগ্ৰ অসমত তোলপাৰ লাগি থকা সময়ত অতুল বৰাই অন্ততঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কীয় কথা সমূহ উল্লেখ কৰিব পাৰিলেহেঁতেন। কিন্তু এই বিষয়টো আচলতে বিজেপিয়ে যে গোপনে মিত্ৰতা চলাই আছে সেইটো নিৰ্দিষ্টকৈ প্ৰমাণ কৰিছে বুলি বিৰোধী দলে মত প্ৰকাশ কৰিছে।

ইপিনে, মন্ত্ৰীৰ আসন হেৰুওৱাৰ ভয়তে অতুল বৰাই সমাগত পঞ্চায়ত নিৰ্বাচনত কোনো ধৰণৰ এজেণ্ডা প্ৰকাশ কৰাৰ পৰা বিৰত আছে বুলি অভিযোগ উঠিছে৷ আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টোক মুখ্য কৰি হ'লেও অগপই নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰাৰ প্ৰকাশ কৰাৰ প্ৰয়োজন আছিল যদিও প্ৰধান জাতীয়তাবাদী দল হোৱাৰ পাছতো নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ নকৰি জাতিটোৰ স'তে অগপই বিশ্বাসঘাতকতা কৰিছে বুলিও বিভিন্ন মহলে অভিযোগ তুলিছে৷ 

অতুল বৰাই বোকাখাত সমষ্টিৰ পশ্চিম সীমান্ত শিলডুবিত প্ৰথমখন পঞ্চায়ত নিৰ্বাচনী সভাত ভাগ লৈ ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে সমস্যাসমূহ লিপিবদ্ধ কৰে। ইয়াৰ পিছত পশ্চিম কাজিৰঙা গাঁও পঞ্চায়ত এলেকাৰ মাজলাইন, ৰঙাজানত নিৰ্বাচনী প্ৰচাৰৰ চলাই কহঁৰা চাৰিআলিত অসম গণ পৰিষদৰ এক নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে মন্ত্ৰী অতুল বৰাই। লগতে জে পি চিৰ লগত হোৱা বৈঠকৰ সন্দৰ্ভতো মত প্ৰকাশ কৰি তেওঁলোকৰ পূৰ্বৰ স্থিতি অব্যাহত থাকিব বুলি কয়৷