কাজিৰঙাঃ যিসময়ত কংগ্ৰেছ, বি জে পি তথা এ আই ইউ ডি এফৰ দৰে ৰাজনৈতিক দলে বিভিন্ন প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি ভোটাৰৰ মন জয় কৰিবৰ বাবে চেষ্টা কৰিছে, ঠিক তেনে সময়ত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কোনো ধৰণৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ নকৰাৰ কথা ঘোষণা কৰিছে অগপ দলে৷
কাজিৰঙাত উপস্থিত হৈ এই কথা ঘোষণা কৰিছে স্বয়ং অগপৰ কেন্দ্ৰীয় সভাপতি তথা বোকাখাতৰ বিধায়ক, মন্ত্ৰী অতুল বৰাই। উল্লেখ্য যে, ৰাজ্যত এতিয়া তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। বিভিন্ন দলৰ বিভিন্ন প্ৰাৰ্থীয়ে বিভিন্ন কৌশল অৱলম্বন কৰি চলাইছে নিৰ্বাচনী প্ৰচাৰ।