কাজিৰঙাৰ পৰা পলিমা চেতিয়া বসুমতাৰীঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০ শতাংশ ফলাফল লাভ কৰি কাজিৰঙালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা শংকৰদেৱ শিশু নিকেতনত আজি এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় ৷

কাজিৰঙা শংকৰদেৱ শিশু নিকেতন পৰিচালনা সমিতিৰ সভাপতি ফতিক বৰাৰ সভাপতিত্বত আৰু প্ৰধান আচাৰ্য ৰঞ্জন ৰাজখোৱাই আতধৰা অনুষ্ঠানত  সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শংকৰদেৱ শিশু নিকেতনৰ পৰা ২৮ গৰাকী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিক ভাৱে সম্বৰ্দ্ধনা জনোৱা হয়  ৷

এইবাৰ মুঠ পৰীক্ষাৰ্থীৰ ভিতৰত  ৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডিষ্টিংচন, ১০ গৰাকীয়ে ষ্টাৰ মাক আৰু ৬ গৰাকী সাধাৰণ গণিতত ১০০ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ অন্যহাতে আজিৰ  অভিনন্দন অনুষ্ঠানৰ পূৰ্বে কাজিৰঙাৰ জেষ্ঠ্য নাগৰিক কেশৰাম নাথে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচী আৰম্ভ কৰে  ৷

বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে বোকাখাতৰ চি এন বি কলেজৰ অধ্যাপকদ্বয় ড° বিদ্যুৎ কুমাৰ বৰুৱা আৰু পংকজ কলিতা ৷ আনহাতে, কেৰিয়াৰ প্লেনৰ ওপৰত বক্তব্য আগবঢ়াই বিকাশ বৰুৱাই। সুখ্যাতিৰে উৰ্ত্তীণ হোৱা ২৮ গৰাকী মেধাবী ছাত্ৰ-ছাত্ৰীক অভিনন্দন পত্ৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা প্ৰদান কৰা হয় ৷

আনহাতে, সাধাৰণ গণিতত ১০০ শতাংশ নম্বৰ লাভ কৰা ৬ গৰাকী মেধাবী ছাত্ৰ-ছাত্ৰী ক্ৰমে ৰোহন জ্যোতি বৰা, নিনাদ নিগম আত্ৰি, কুনাল মেধি, ৰাহুল কলিতা, ত্ৰিনয়ন বৰা আৰু প্ৰিয়ংকা দেবীক স্বৰ্গীয় হেমেশ্বৰ বৰা আৰু পদুমী বৰা সোৱঁৰণী বঁটা প্ৰদান কৰে তেওঁলোকৰ পুত্ৰ গকুল বৰাই ৷

উক্ত অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে কাজিৰঙাৰ জেষ্ঠ্য সাংবাদিক ৰঞ্জিৎ ৰজক,  কাজিৰঙা  শংকৰদেৱ শিশু নিকেতন পৰিচালনা সমিতিৰ সম্পাদক লীলা গগৈ, আচাৰ্য সকলৰ লগতে নিকেতনৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল ৷