Home ৰাজনীতিলক্ষ্য ২০১৯, কলকাতালৈ আহি মমতাৰ সৈতে বৈঠকত অংশ ললে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চি ৰাৱে

লক্ষ্য ২০১৯, কলকাতালৈ আহি মমতাৰ সৈতে বৈঠকত অংশ ললে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চি ৰাৱে

by News Desk
A+A-
Reset
photo-ani-twitter-

কলকাতাঃ পূৰ্ব নিৰ্দ্ধাৰিত সময় অনুযায়ী সোমবাৰে পশ্চিম বংগৰ ৰাজধানী কলকাতাত উপস্থিত হয় তেলেংগানাৰ মুখ্যমন্ত্ৰী চিন্তামণি নাগেশা ৰামচন্দ্ৰ ৰাও৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নৱান্নলৈ আদৰণি জনাই ৰাৱক৷ কলকাতাত উপস্থিত হোৱাৰ পিছতেই মমতাই তৃণমূল কংগ্ৰেছৰ আন আন নেতাসকলক চিনাকী কৰি দিয়ে তেলেংগানাৰ মুখ্যমন্ত্ৰী চিন্তামণি নাগেশা ৰামচন্দ্ৰ ৰাৱৰ সৈতে৷ তাৰ পিছত ৰুদ্ধধাৰ বৈঠক অনুষ্ঠিত হয় দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ মাজত৷

২০১৯ চনত অনুষ্ঠিত হ’বলগীয়া সাধৰণ নিৰ্বাচনৰ বাবে ক্ৰমে দেশৰ ৰাজনীতি গৰম হ’ব ধৰিছে৷ কোনে কাৰ সৈতে মিত্ৰজোঁট গঠন কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’ব তাক লৈ দল সমূহৰ মাজত পৰিকল্পনা অব্যাহত থকাৰ সময়তে দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ মাজৰ আলোচনাই বিশেষ তাৎপৰ্যবহণ কৰিছে৷ ২০১৯ চনৰ সাধৰণ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে বিৰোধী দলক একত্ৰিত কৰিবলৈ এই বৈঠক অনুষ্ঠিত কৰা বুলি ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0