ডিজিটেল ডেস্কঃ কেৰেলাৰ উঠি অহা চামৰ মাজত দেখা গৈছে এক নতুন প্ৰৱণতা। ধৰ্ম বা জাতিৰ পৰিচয়েৰে চিনাকি দিয়াৰ অনিচ্ছাৰ ভাৱ দেখা দিছে হাইস্কুল পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত। 

৯৩.৯১ শতাংশ শিক্ষিতৰ হাৰেৰে স্বাক্ষৰতাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষস্থানত থকা ৰাজ্যখনৰ হাইস্কুল পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰায় ১,২৩,৬৩০ গৰাকীয়ে নামভৰ্তিৰ প্ৰপত্ৰ পুৰণ কৰোঁতে ধৰ্ম আৰু জাতিৰ ঠাই পুৰণ নকৰাৰ কথা বুধবাৰে ৰাজ্যিক বিধানসভাৰ অধিবেশনত সদৰী কৰিছে ৰাজ্যখনৰ শিক্ষামন্ত্ৰী চি ৰবীন্দ্ৰনাথে। 

অধিবেশনৰ সময়ত ৱমনপুৰমৰ চিপিএম বিধায়ক ডি.কে. মুৰালীয়ে সোধা এক প্ৰশ্নৰ উত্তৰত ৰবীন্দ্ৰনাথে কয় যে ১ ৰপৰা ১০ম মানৰ ১,২৩,৬৩০ ছাত্ৰ-ছাত্ৰীয়ে ধৰ্ম আৰু জাতি নথকা বুলি নামভৰ্তিৰ সময়ত দিয়া প্ৰপত্ৰত লিখিছে। এই পৰিসংখ্যা ২০১৭-১৮ শিক্ষাবৰ্ষৰ। 

একেদৰে উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ পঢ়ি থকা এনে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ক্ৰমে ২৭৮ আৰু ২৩৯ গৰাকী। এই তথ্য ৰাজ্যৰ ৯ হাজাৰখন স্কুলৰ পৰা সংগ্ৰহ কৰা হৈছে।     

 

Source: indianexpress.com