ক্ৰমাৎ অৱনতি ঘটিছে ভাৰত আৰু কানাডাৰ সম্পৰ্কৰ। প্ৰতিদিনেই বৃদ্ধি পোৱা দুয়োখন ৰাষ্ট্ৰৰ সম্পৰ্কৰ মাজৰ দূৰত্ব এতিয়া আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো চৰ্চাৰ বিষয় হৈ পৰিছে। দুয়োখন দেশৰ মাজত ক্ৰমান্বয়ে বাঢ়ি অহা তিক্ততাৰ মাজতে ১৯৮৫ চনত এয়াৰ ইণ্ডিয়াৰ বিমানত সংঘটিত বিস্ফোৰণৰ ঘটনাইও পুনৰ এবাৰ দখল কৰিছে বাতৰিৰ শিৰোনাম।
বিগত সপ্তাহত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে বিচ্ছিন্নতাবাদী শিখ নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডত ভাৰতৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। অৱশ্যে ইয়াৰ পিছতে ভাৰতে নাকচ কৰে কানাডাৰ এই অভিযোগ। কিন্তু ভাৰতে অভিযোগ খণ্ডন কৰাৰ পিছতে প্ৰথমে কানাডাই দেশৰ পৰা ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰে। প্ৰত্যুত্তৰ স্বৰূপে ভাৰতেও কানাডাৰ কূটনীতিবিদজনক দেশৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।