খাৰুপেটীয়াঃ ‘সমাগত পঞ্চায়ত নিৰ্বাচনৰ ভোট লাভৰ উদ্দেশ্যে অসমৰ সংখ্যালঘুসকলৰ বাবে ঘঁড়িয়ালৰ চকু পানী টুকিলেও বিগত ১৫ বছৰীয়া কংগ্ৰেছী শাসনকালত ধৰ্মীয় মুছলমানসকলে অধিক হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছিল। কংগ্ৰেছেই মুছলমানৰ প্ৰধান শক্ৰ’— শুকুৰবাৰে দৰঙৰ খাৰুপেটীয়াৰ বাঁহাবাৰীত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এই দৰে বিস্ফোৰক অভিযোগ তুলি কয় এ আই ইউ ডি এফৰ মুৰব্বী তথা ধুবুৰীৰ সাংসদ মৌলনা বদৰুদ্দিন আজমলে।
দৰঙৰ খাৰুপেটীয়াৰ নিকটৱৰ্তী পশ্চিম বহাবাৰী গাঁৱৰ চ’ক বজাৰত সমাগত পঞ্চায়ত নিৰ্বাচনী সভা এখনত ভাষণ প্ৰসংগত আজমলে কয়, অসমৰ ডি ভোটাৰ সৃষ্টি অ গ পই আৰম্ভ কৰিছিল যদিও কংগ্ৰেছৰ শাসনকালত ইয়াৰ সংখ্যা ৫ লাখলৈ বৃদ্ধি হৈছিল । কেৱল সিমানেই নহয় সংখ্যালঘুৰ মৰণ ফান্দ ডিটেনচন কেম্প কংগ্ৰেছেই প্ৰতিষ্ঠা কৰিছিল।