খাৰুপেটীয়াঃ 'সমাগত পঞ্চায়ত নিৰ্বাচনৰ ভোট লাভৰ উদ্দেশ্যে অসমৰ সংখ্যালঘুসকলৰ বাবে ঘঁড়িয়ালৰ চকু পানী টুকিলেও বিগত ১৫ বছৰীয়া কংগ্ৰেছী শাসনকালত ধৰ্মীয় মুছলমানসকলে অধিক হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছিল। কংগ্ৰেছেই মুছলমানৰ প্ৰধান শক্ৰ'--- শুকুৰবাৰে দৰঙৰ খাৰুপেটীয়াৰ বাঁহাবাৰীত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এই দৰে  বিস্ফোৰক অভিযোগ তুলি কয় এ আই ইউ ডি এফৰ মুৰব্বী তথা ধুবুৰীৰ সাংসদ মৌলনা বদৰুদ্দিন আজমলে।

দৰঙৰ খাৰুপেটীয়াৰ নিকটৱৰ্তী পশ্চিম বহাবাৰী গাঁৱৰ চ'ক বজাৰত সমাগত পঞ্চায়ত নিৰ্বাচনী সভা এখনত ভাষণ প্ৰসংগত আজমলে কয়, অসমৰ ডি ভোটাৰ সৃষ্টি অ গ পই আৰম্ভ কৰিছিল যদিও কংগ্ৰেছৰ শাসনকালত ইয়াৰ সংখ্যা ৫ লাখলৈ বৃদ্ধি হৈছিল । কেৱল সিমানেই নহয় সংখ্যালঘুৰ মৰণ ফান্দ ডিটেনচন কেম্প কংগ্ৰেছেই প্ৰতিষ্ঠা কৰিছিল।

এন আৰ চি প্ৰসংগ উল্লেখ কৰি আজমলে কয়, কোনো এজন বিদেশীৰ নামেই এন আৰ চিত অন্তৰ্ভুক্ত হ'ব নালাগে আৰু কোনো এজন প্ৰকৃত ভাৰতীয় এন আৰ চিৰপৰা বাদ পৰিব নালাগে । তেওঁ এন আৰ চিৰ পঞ্চয়তৰ নথি সম্বনিতে ৫ বিধকৈ নথি মহামান্য উচ্চতম ন্যায়ালয়ে বাহাল ৰখাত কৃতজ্ঞতা জ্ঞাপন কৰে। কংগ্ৰেছত ক্ষুৰধাৰ সমালোচনা কৰি আজমলে কয়, কংগ্ৰেছ সংখ্যালঘু সকলক সমবেদনা আৰু প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই দিলেও এন আৰ চিৰ ক্ষেত্ৰত সংখ্যালঘুৰ হকে কোনো ধৰণৰ মাত মতা পৰিলক্ষিত হোৱা নাই।

ভাষণ প্ৰসংগত আজমলে হিমন্ত বিশ্ব শৰ্মা আৰু শিলাদিত্যকো তীব্ৰ সমালোচনা কৰে। উল্লেখ্য যে, আজি দৰঙৰ প্ৰায় দেৰকুৰি নিৰ্বাচনী সভাত আজমলে অংশগ্ৰহণ কৰি এ আই ইউ এফক দিবলৈ আহ্বান জনায়। সভাবিলাকত এ আই ইউ ডি এফৰ কেন্দ্ৰীয় সম্পাদক মজিবুৰ ৰহমান, দৰং জিলা সভাপতি হবিবুৰ ৰহমান, মইনুদ্দিন আহমেদ, ছাকি ই কাউছাৰৰ ওপৰিও পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল উপস্থিত থাকে।

উল্লেখ্য যে বিগত দিনত পৰোক্ষভাৱে বি জে পি চৰকাৰক সহায় কৰি আহিছে বুলি অসম ৰাজনৈতিক মহলত ব্যাপক চৰ্চা হৈ আহিছে আৰু সেই পৰিপেক্ষিতত এন আৰ চি ৰ নামত মুছলমানলোক হাৰাশাস্তিৰ সন্মুখীন হোৱা আদি ঘটনাৰ ফলত দলটোৰ জনপ্ৰিয়তা ম্লান হৈ পৰিছিল যদিও আজি পঞ্চায়ত নিৰ্বাচনৰ সভাত ৰাইজৰ ব্যাপক সঁহাৰিয়ে দলটো পুনৰ উত্থান হোৱা পৰিলক্ষিত হৈছে।