খাৰুপেটীয়াঃ ‘উদ্যোগপতিলৈ কোটী টকীয়া লোন আৰু দুখীয়াৰ বাবে মাথো মন কী বাত। মোডীৰ মন কী বাত শুনক, পেটত গামোচা বান্ধি শুই থাকক আৰু একো নাই। নাই কৃষিকৰ ভাল সুবিধা, নাই খাদ্য, নাই নিবনুৱাৰ সংস্থাপন। বৃহৎ উদ্যোগপতিৰ বাবে ৰাজভঁৰাল খালী কৰি লোন দিছে। চৌকীদাৰ থাকোতেই তেওঁলোক পলাল কেনেকৈ?’ এই প্ৰশ্ন ৮ নং মঙলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভুবনেশ্বৰ কলিতাৰ।
শুকুৰবাৰে দৰং জিলাৰ দলগাঁও বিধান সভা সমষ্টি অন্তৰ্গত খাৰুপেটীয়া, জংগলপাৰা আৰু বেছিমাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই মোদী চৰকাৰৰ বিফলতাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে কংগ্ৰেছ প্ৰাৰ্থীজন। মোদী শাসনত দেশৰ অৰ্থনীতি আৰু সাংবিধানিক সংস্থাসমূহ তচনচ হোৱাৰ অভিযোগ তুলি দেশবাসী চকীদাৰৰ কুশাসনৰপৰা মুক্তি বিচৰাৰ কথা দোহাৰে কলিতাই।