খাৰুপেটীয়াঃ দৰঙৰ দলগাঁৱত হাই প্ৰফাইল ৰাজনৈতিক নেতাৰ নিৰ্বাচনী প্ৰচাৰ। এজনৰ পাছত এজন হাই প্ৰফাইল নেতাই চলাইছে নিৰ্বাচনী প্ৰচাৰ। এ আই ইউ ডি মুৰব্বী বদৰুদ্দিন আজমলৰ লগতে দলগাঁৱত দুদিন মূৰে মূৰে ৰকিবুল হুছেইনে কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ পাছত শাসক দল বি জে পিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে প্ৰচাৰ চলায়।
শুকুৰবাৰে দৰঙৰ দলগাঁৱত অসম চৰকাৰৰ উদ্যোগ আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্বাচনী সভা। সভাত ভাষণ প্ৰসংগত পাটোৱাৰীয়ে কয়, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৭০ টাকৈ সংগঠনে আন্দোলন চলাইছে। সেই সমূহক তেওঁ চিনি নাপায়।