খাৰুপেটীয়ঃ দৰঙৰ খাৰুপেটীয়াৰ নিকটৱৰ্তী যোগীপাৰা গাঁৱৰ বিশিষ্ট সমাজ সেৱক তথা ধুলাৰ "মুক্তি মেডিকেল হল"ৰ স্বত্বাধিকাৰী আলহাজ মুক্তাৰ হুছেইন (৫৮)ৰ শনিবাৰৰ শেষ নিশা ইন্তেকাল হয়|
যোৱা কিছুদিনৰপৰা তেওঁ ডায়েবেটিজৰ লগতে অন্য ৰোগতো ভুগি আছিল| মৃত্যুৰ দুদিন পূৰ্বে তেওঁক সংকটজনক অৱস্থাত গুৱাহাটী নাৰায়ণ হস্পিতাললৈ চিকিৎসাৰ বাবে নিয়ে যদিও শনিবাৰে শেষ নিশা ২.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে|
মৃত্যুৰ সময়ত তেঁওৰ পত্নী, দুজন পুত্ৰ আৰু এগৰাকী কন্যা, নাতি, নাতিনীয়েকৰ লগতে আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়| তেওঁৰ জানাজা দিনৰ ১.৩০ বজাত সম্পন্ন কৰা হয়|
উল্লেখ্য যে সমাজৰ প্ৰতি উন্নয়নমূলক কামত জড়িত হৈ অহা লোকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে|