newsnextone.com । খাৰুপেটীয়াঃ সমগ্ৰ দেশৰ লগতে আজি খাৰুপেটীয়াতো উলহ মালহৰে পবিত্ৰ ঈদ উল আজহা নামাজ আদায় কৰে ইছলাম ধৰ্মালম্বী লোকে। খাৰুপেটীয়া বেলতলী ঈদগাহত আলহাজ মৌলনা তালেব উদ্দিন আহমেদৰ ইমামতিত প্ৰায় দহ  সহস্ৰাধিক লোকে নামাজত অংশ লয়।

ইফালে খাৰুপেটীয়া টাউন জমে মছজিদ ঈদগাহত মৌলনা আহমদ আলীৰ ইমামতীত প্ৰায় চাৰি সহস্ৰাধিক লোকে নামাজ আদায় কৰে। নামাজৰ অন্তত দোৱা হয়। পিছত ইজনে সিজনক সাৱটি ভাতৃত্ববোধৰ মৰম বিলাই।