খাৰুপেটীয়াঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে  ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ চূড়ান্ত খচৰা প্ৰকাশ হোৱাৰ পাছতো লাখ লাখ মানুহৰ নাম খচৰাৰ পৰা বাদ পৰিছে।

সেই বাদ পৰা নাম অন্তৰ্ভুক্ত কৰিবলৈ মহামান্য উচ্চতম ন্যায়ালয়ে দাবী আৰু আপত্তি-পত্ৰ পূৰণৰ অন্তিম সময় ১৫ ডিচেম্বাৰলৈকে বান্ধি দিছে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নিজৰ নাম, পৰিয়ালৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ মাজত মাথো আৰু তিনিটা দিন বাকী থকা অৱস্থাত ভিৰ বাঢ়িছে এন এছ কেসমূহত।

ৰাজ্যখনৰ অন্যান্য স্থানৰ সৈতে দৰঙৰ দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰুপেটীয়া, বেচিমাৰী, লালপুল ধুলা, দলগাঁও, কপাটি আদি বিভিন্ন কেন্দ্ৰত যোৱা তিনি-চাৰিদিনৰপৰা  অস্বাভাবিক ভাৱে ভিৰ বাঢ়িছে এন এছ কে সমূহত।

কেন্দ্ৰসমূহত পুৱতি নিশাৰেপৰা কেন্দ্ৰসমূহত এনেদৰে শাৰী পাতি দীৰ্ঘ সময় অপেক্ষা কৰে যদিও একাংশ এন আৰ চি কেন্দ্ৰত দিনৰ ১১ বজালৈ বিষয়াসকল উপস্থিত নোহোৱাত চৰম দুৰ্ভোগ ভুগিছে ৰাইজে৷ অভিযোগ মতে এনেদৰে চাৰি-পাঁচ দিনকৈ শাৰী পাতি অপেক্ষা কৰাৰ পাছতো ঘূৰি যাবলগীয়া হৈছে বহুতে৷ এনেদৰে দাবী-পত্ৰসমূহ জমা দিব নোৱাৰি আতংকিত হৈছে ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে৷

সচৰাচৰ গেছৰ চিলিণ্ডাৰ ল'বলৈ ৰাইজে শাৰী শাৰী চিলিণ্ডাৰ ৰখাৰ দৰে এন এছ কেসমূহৰ বাৰান্দাত নিজৰ ফাইলবোৰ শাৰীত থৈ অপেক্ষা কৰিছে সকল পুৰুষ- মহিলাই।

এন আৰ চিত নাম অন্তৰ্ভুক্ত নহ'লে ভৱিষ্যতে আহিব পৰা বিভিন্ন সম্ভাব্য বিপদ আৰু বেমেজালিৰ কথা চিন্তা কৰিয়েই এই লোকসকলে এন আৰ চিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ শেষ চেষ্টা চলাইছে৷

কাৰণ ভাৰতীয় নাগৰিক নহ'লে ভৱিষ্যতে কি হ'ব সেয়াও এইসকল লোকে নিশ্চিতভাৱে উপলব্ধি কৰিব পাৰিছে। উল্লেখ্য যে যোৱা দুদিন বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি মতে, এন আৰ চিৰপৰা বঞ্চিত লোক সকলে প্ৰথমে ভোটাৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব। এই বাতৰিত এতিয়া আতংকিত হৈ পৰিছে এই লোকসকল।

আনহাতে খাৰুপেটীয়াৰ বিহুদিয়া গাওঁ পঞ্চায়ত কাৰ্যালয়ত ১৬ নং বৰংগাবাৰী এন আৰ চি সেৱা কেন্দ্ৰটো বিহুদিয়া পঞ্চায়তত স্থানান্তৰিত কৰি অনাত বহুত দূৰ হোৱাত কেন্দ্ৰটোৰ অন্তৰ্গত হাজাৰ হাজাৰ পুৰুষ, মহিলা আৰু বৃদ্ধ লোক বহুত হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে।

ৰাইজৰ দাবী মাত্র তিনিটা দিন বাকী থকা অৱস্থাত কোনো পধ্যেই হাজাৰ হাজাৰ লোকৰ ফৰ্ম জমা সম্ভৱ নহয় কিয়নো অফিচাৰ সকলে সময়মত নাহে যাৰ ফলত দিনত  মাত্ৰ ১০ / ১৫ ফৰ্ম জমা লৈছে। ৰাইজৰ দাবী কেন্দ্ৰসমূহত কৰ্মচাৰীৰ সংখ্যা আৰু জমাৰ সময় বৃদ্ধি কৰি দিয়াৰ বাবে এন আৰ চি কৰ্তৃপক্ষই ব্যৱস্থা ল'ব লাগে বুলি ৰাইজে দাবী কৰিছে।