খেৰণিঃ সমাগত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক লক্ষ্য কৰি ক্ৰমাৎ গৰম হৈ পৰিছে কাৰ্বি পাহাৰৰ ৰাজনৈতিক পৰিৱেশ। 

কঠোৰ ভাষা আৰু ক্ষুৰধাৰ সমালোচনাৰে নিৰ্বাচনী প্ৰচাৰৰ মাজেৰে পাহাৰীয়া জিলাখনত এতিয়া চলিছে কংগ্ৰেছ-বিজেপিৰ বাকযুদ্ধ। সাংসদীয় আসন দখল আৰু পাহাৰীয়া ৰাইজৰ দৃষ্টি আকৰ্ষণৰ লক্ষ্যৰে আক্ৰমণ-প্ৰতিআক্ৰমণেৰে ধাৰাবাহিকভাৱে দুয়ো দলে জিলাখনৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰিছে ইখনৰ পাছত সিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভা।

দেওবাৰেও নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে কংগ্ৰেছে ব্যাপক তৎপতাৰে জিলাখনৰ খেৰণিত অনুষ্ঠিত কৰে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভা। উল্লেখ্য যে পশ্চিম কাৰ্বি আংলং কংগ্ৰেছ জিলা সমিতিৰ সভাপতি সাৰ্থে ক্ৰামছাই সভাপতিত্ব কৰা, প্ৰাক্তন কাৰ্যবাহী সদস্য ছিং টেৰণ, বাজং তিচ্ছ', অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক চেমচন ইংতি, ডিমা হাছাও পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য অমৰজিৎ হাফলংবাৰ, পশ্চিম কাৰ্বি আংলং মহিলা কংগ্ৰেছৰ সভানেত্ৰী বিমলা তিমুংপি, পশ্চিম কাৰ্বি আংলং যুৱ কংগ্ৰেছৰ সভাপতি আগষ্টিন ইংহি, লগতে অন্যান্য কংগ্ৰেছ নেতা কৰ্মী, কেইবা শতাধিক পুৰুষ-মহিলা আৰু সমৰ্থক উপস্থিত থকা সভাত কংগ্ৰেছৰ প্ৰাৰ্থী বীৰেন ছিং ইংতিয়ে কয় যে বিজেপিয়ে যিমানেই শক্তি প্ৰদৰ্শন নকৰক কিয়, বিজেপিৰ প্ৰতি ৰাইজৰ মোহভংগ হৈছে। বিজেপিয়ে পৰোক্ষভাৱে সৰ্বসাধাৰণক মাধমাৰ শোধাই প্রকৃততে কি উন্নয়ন-বিকাশ আৰু পৰিৱৰ্তন আনিছে সেয়া ৰাইজে সহজেই বুজিছে বুলি মন্তব্য কৰি বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে ইংতিয়ে।

লগতে তেওঁ কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজ্যৰ লগতে কাৰ্বি আংলঙত ৰাইজৰ মাজত কোনো ধৰণৰ বিভাজনৰ সৃষ্টি হোৱা নাছিল, সম্পূৰ্ণ শান্তিপূৰ্ণ আছিল চৌদিশে। কিন্তু বিজেপি অহাৰ লগে লগে অশান্তি, বিশৃংখল, বিভাজন আদিয়ে বিৰাজ কৰিছে পাহাৰীয়া জিলাখনত, আনকি বিজেপিৰ নেতা-কৰ্মীৰ মাজতেই দলীয় বিভাজন হৈ বিসম্বাদৰ সৃষ্টি হৈ আহিছে বুলি মন্তব্য কৰে ইংতিয়ে। সেয়ে কংগ্ৰেছকৰ্মী আৰু কংগ্ৰেছপ্ৰেমী ৰাইজক পুনৰ একত্ৰিত হৈ বিজেপিক এসেকা দিবৰ বাবে সাজু হ’বলৈ আৰু কংগ্ৰেছত ভোটদান কৰি কংগ্রেছ প্ৰাৰ্থীক বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ আহ্বান জনায় বীৰেনছিং ইংতিয়ে।

ইপিনে বিজেপিয়েও প্ৰচাৰ অভিযানৰ অংশ হিচাপে পশ্চিম কাৰ্বি আংলঙৰ তথা কাৰ্বি পৰিষদৰ পৰিষদীয় হামৰেন সমষ্টিৰ লিনচিকা আৰু লাং-মিনছ'ত অনুষ্ঠিত কৰে দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভা। সভাত উপস্থিত থাকে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুঙৰ বিপৰীতে পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ কাৰ্যালয় সম্পাদক হাৰমন বে, প্ৰাক্তন বৰ্ড অধ্যক্ষ বিদ্যাছিং টেৰণ, বিজেপি নেতা জুৱেল টকবি, লংছিং ৰংফাৰ, প্ৰতাপ টেৰাং, বিজেপি মহিলা নেতৃবৃন্দকে ধৰি কেইবাশতাধিক পুৰুষ-মহিলা উপস্থিত থাকে। 

সভাত ভাষণ প্ৰসংগত ৰাইজক উদ্দেশ্যি জনপ্ৰতিনিধি তথা পৰিষদীয় সদস্য মংগলছিং তিমুঙে কয় যে দেশৰ ভিতৰত বিজেপিয়েই হৈছে শক্তিশালী ৰাজনৈতিক দল। গতিকে এই শক্তিক অটুত ৰাখি আমি দল আৰু চৰকাৰে মিলিজুলি সবকা সাথ চবকা বিকাশেৰে সর্বাংগীন উন্নয়ন সাধন কৰিব লাগিব পাহাৰীয়া জিলাখনত বুলি কয়। 

লগতে সম্প্ৰতি জিলাখনত হৈ থকা সৰ্বাংগীন উন্নয়ন-বিকাশ আৰু বিজেপিৰ প্ৰতি থকা ৰাইজৰ সহায়-সহযোগিতাই ইতিমধ্যে প্ৰমাণ কৰিছে যে সমাগত লোকসভা নিৰ্বাচনত কাৰ্বি পৰিষদীয় হামৰেন সমষ্টিত বিজেপিৰ জয় একেবাৰে নিশ্চিত। 

এনে দাবীৰ পাছতেই তেওঁ ৰাইজৰ ত্যাগ-কষ্ট আৰু সহায়-সহযোগিতাৰ ফলস্বৰূপে তেওঁ কাৰ্বি পৰিষদৰ পৰিষদীয় হামৰেন সমষ্টিত তিনিবাৰকৈ জয় লাভ কৰি পৰিষদীয় সদস্য অথবা কাৰ্যবাহী সদস্য হ’বলৈ সক্ষম হৈছিল বুলিও উল্লেখ কৰে তিমুঙে। 

গতিকে লোকসভা নিৰ্বাচনতো ৰাইজে নিঃসন্দেহে বিজেপিক জয়ী কৰাই আনিব পাৰিব বা যি নিৰ্বাচনেই অনুষ্ঠিত নকৰক কিয় পৰিষদীয় হামৰেন সমষ্টিত বিজেপিৰ জয় একেবাৰে এশ শতাংশই নিশ্চিত। আৰু হামৰেনত বিজেপিৰ বাহিৰে দ্বিতীয় আৰু কোনো নাই বুলি দাবী কৰে তিমুঙে। লগতে কংগ্ৰেছে কৰা ভ্ৰষ্টাচাৰ, দুৰ্নীতি, অন্যায়, বিশৃংখল, অশান্তি আদিৰ কথা উল্লেখ কৰি কংগ্ৰেছক ক্ষুৰধাৰ সোমালোচনা কৰে। 

লগতে শেহতীয়াকৈ বিজেপিৰ প্ৰাৰ্থী হৰেন ছিং বে'ক বহুমূলীয়া ভোট দান কৰি বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায় তিমুঙে। আনহাতে মন কৰিবলগীয়া কথা যে আজিৰ উক্ত আয়োজিত বিজেপিৰ সভাকেইখনত কংগ্ৰেছ দলৰ মুঠ ৩৩ টা পৰিয়ালে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। আৰু এনেদৰেই এতিয়া সাংসদীয় আসন দখলক লৈ নিৰ্বাচনী প্ৰচাৰ মাধ্যমেৰেই ডিফু লোকসভা সমষ্টিত  কংগ্ৰেছ-বিজেপিৰ মাজত চলিছে প্ৰচণ্ড টনা-আজোৰাৰ খেল।