70
খেৰণিঃ সমাগত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক লক্ষ্য কৰি ক্ৰমাৎ গৰম হৈ পৰিছে কাৰ্বি পাহাৰৰ ৰাজনৈতিক পৰিৱেশ।
কঠোৰ ভাষা আৰু ক্ষুৰধাৰ সমালোচনাৰে নিৰ্বাচনী প্ৰচাৰৰ মাজেৰে পাহাৰীয়া জিলাখনত এতিয়া চলিছে কংগ্ৰেছ-বিজেপিৰ বাকযুদ্ধ। সাংসদীয় আসন দখল আৰু পাহাৰীয়া ৰাইজৰ দৃষ্টি আকৰ্ষণৰ লক্ষ্যৰে আক্ৰমণ-প্ৰতিআক্ৰমণেৰে ধাৰাবাহিকভাৱে দুয়ো দলে জিলাখনৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰিছে ইখনৰ পাছত সিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভা।