বোকাজানৰপৰা কনক দেউৰীঃ কেৱল দেশ অথবা ৰাজ্যই নহয়, কাৰ্বি পাহাৰতো এতিয়া আসন্ন লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠিছে। অৱশ্যে কংগ্ৰেছ অথবা আঞ্চলিক দল এএছডিচি দলেও পিছ পৰি থকা নাই নিজৰ নিজৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা কাৰ্যসূচীৰপৰা।
মুঠতে ইখনৰ পাছত সিখনকৈ কংগ্ৰেছে ব্যাপক তৎপতাৰে ডিফু লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বীৰেনছিং ইংতিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বিপৰীতে আঞ্চলিক দল এএছডিচিয়েও দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী হলিৰাম টেৰাঙৰ হৈ কাৰ্বি পাহাৰৰ চুকে-কোণে নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।