খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় বি জে পিৰ এখন সভা।
উল্লিখিত সভাত পাৰ্বত্য অঞ্চল উন্নয়ন মন্ত্ৰী চুম ৰংহাং উপস্থিত হোৱাৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, কাৰ্বি আংলঙৰ দুই বিধায়ক ক্ৰমে বৈঠালাংছ’ বিধানসভা সমষ্টিৰ বিধায়ক ডঃ মানছিং ৰংপি, হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক জয়ৰাম ইংলেং, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলা বি জে পিৰ সভাপতি ৰতন টেৰণ, অৰুণ টেৰাং, কাৰ্বি পৰিষদৰ অধ্যক্ষ লংকি তিমুং, পৰিষদৰ কাৰ্যবাহী সদস্যবৃন্দ, পৰিষদীয় সদস্যবৃন্দ, বি জে পি জিলা সমিতিৰ বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে।