খেৰণিঃ ৰাজ্যত মদৰ পাছত এইবাৰ মাংস সেৱন কৰি ২৪ জনকৈ লোক অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হৈছে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত। পশ্চিম কাৰ্বি আংলঙৰ খেৰণি থানা অন্তৰ্গত জেংখাৰ ৰংপি গাঁওত কাৰ্বি চড়ক পূজাৰ মাংস খোৱাৰ পাছতেই সংঘটিত হৈছে এই ঘটনা। 

জানিব পৰা মতে দুদিনীয়া কাৰ্যসূচীৰে জেংখাৰ ৰংপি গাঁওত আয়োজন কৰা কাৰ্বি পৰম্পৰাগত চড়ক পূজাত অংশ লৈছিল গাঁওখনৰ প্ৰায় শতাধিক লোকে। কিন্তু পূজাৰ দ্বিতীয় দিনত ৰন্ধা মাংস খোৱাৰ পাছৰে পৰা পুৰুষ-মহিলাকে ধৰি ইজনৰ পিছত সিজনকৈ ২৪ জনকৈ লোক অসুস্থ হৈ পৰে গাঁওখনত। 

বুধবাৰে নিশাৰ ভাগত ১২ জন লোকক খেৰণি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰা হৈ যদিও বৃহস্পতিবাৰে ৰাতিপুৱা পুনৰ আন ১২ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, আৰু ইয়াৰে কেইজনমানক উন্নত চিকিৎসাৰ বাবে ডিফু, নগাঁও আদি চিকিৎসালয়লৈও প্ৰেৰণ কৰে খেৰণি চিকিৎসালয়ৰ চিকিৎসকে। 

উল্লেখযোগ্য যে, ঘটনাৰ প্ৰতি লক্ষ্য কৰি গাঁওখনৰ ৰাইজে চড়ক পূজাৰ মাংস ভেঁজাল-বিহযুক্ত মিঠাতেল, পেকেট মচলা আদিৰে ৰন্ধাৰ বাবে বিষক্ৰিয়া হোৱাৰ লগতে এই মাংখ খাই লোকসকল এনেদৰে অসুস্থ হৈ পৰা বুলি ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে। উক্ত ঘটনাই এতিয়া বৃহত্তৰ অঞ্চলজুৰি এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।