খুমটাইঃ এটা ভাল খবৰ । বাৰিষাৰ পূৰ্বেই খুমটাই সমষ্টিৰ গড়মৰাবাসীয়ে লাভ কৰিব বহু প্ৰত্যাশিত পকী দলং খন । খুমটাই সমষ্টিৰ বানে জুৰুলা কৰা গড়মৰা কৃষিবান্ধৰ মুল পথত  নিৰ্মান কৰা পকীদলংৰ কাম পৰিদৰ্শন কৰি অহা পোন্ধৰ দিনৰ ভিতৰত দলং মুকলি কৰিবলৈ ঠিকাদাৰক নিৰ্দেশ বিধায়ক মৃনাল শইকীয়াৰ ।  

প্ৰায় দুই কোটি টকা ব্যয়ৰে নিৰ্মান কৰা হৈছে এই দলং খন। উল্লেখ্য যে, গড়মৰা চেকবান্ধৰ এই দলংখনৰ কাম সম্পূৰ্ণ হৈ উঠিলে ন-পমুৱা শলমাৰী আৰু আবানী গাঁৱৰ লগতে মাজুলি সমষ্টিৰ বৃহত্তৰ চৰাইচাপৰিৰ দহখন গাঁৱৰ ৰাইজৰ দেৰগাঁও চহৰেৰে যাতায়ত অতিকে সুচল হৈ পৰিব। বাৰিষাৰ পূৰ্বেই বিধায়ক গৰাকীৰ এই  তৎপৰতাত সন্তোষ্টি প্ৰকাশ কৰিছে ৰাইজে ।