newsnextone.com | চৰাইদেউঃ চৰাইদেউ জিলাৰ সোণাৰিৰ ছেইণ্ট যোছেফ হাই স্কুলৰ প্ৰস্ৰাৱগাৰৰ দেৱাল খহি দুগৰাকী কণমানি ছাত্ৰ আহত হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুই ছাত্ৰৰ দেহত খহি পৰা দেৱালৰ ইটা দেহত লগাত গুৰুতৰ বাৱে আহত হয়। ততাতৈয়াতৈ দুয়ো ছাত্ৰক হস্পিতালত ভৰ্তি কৰা হয় যদিও এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, জিৰণিৰ সময়ত দুই ছাত্ৰই প্ৰস্ৰাৱগাৰলৈ গৈছিল। বিদ্যালয় চৌহদতে লাগি থকা প্ৰস্ৰাৱগাৰৰ ভিতৰতে সোমোৱাৰ সময়তে এখন দেৱাল খহি পৰে।   
দেৱাল খহি পৰাত দুই ছাত্ৰৰ গাত ইটা লাগি আহত হয় দুই কণমানি ছাত্ৰ দুজন। 

চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ৰংগৰাজন মহন আৰু প্ৰিয়াংশু পাল আঘাতপ্ৰাপ্ত হয়। ৰংগৰাজন মহনৰ আঘাত বেছি হোৱাত সোণাৰিৰ প্ৰাথমিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে স্কুল কৰ্তৃপক্ষই। অভিভাৱকৰ অভিযোগ মতে, স্কুল কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই এই কাণ্ড সংঘটিত হয়। পকী দেৱাল বহু পূৰণি হোৱাৰ পিছতো মেৰামতি তথা নতুনকৈ নিৰ্মাণৰ ব্যৱস্থা নকৰাত খহি পৰে বুলি কয়।