ডিজিটেল ডেস্কঃ শৈশৱত পিতৃ-মাতৃয়ে আপোনাকো হয়তো খেলনা ক্ৰয় কৰি দিছিল। খেলনা হাতত লৈ আপুনি কতো দুষ্টামী কৰিছিল। খেলনাৰ মাজত দিনৰ দিনটো অতিবাহিত কৰিছিল। কিন্তু আপোনাৰ শৈশৱৰ সেই খেলনা যদি পেটত সোমাই ৰয়। হয়, এবছৰ দুবছৰ নহয় ৪০ বছৰৰ মুৰকত পেটৰ পৰা ওলাল শৈশৱৰ খেলনা। এই ঘটনা সংঘটিত হৈছে ব্ৰিটেইনত। যোৱা এবছৰ ধৰি এগৰাকী লোকে বুকৰ বিষ অনুভৱ কৰি আহিছিল৷
বিষৰ প্ৰকোপত স্থানীয় চিকিৎসালয়লৈ যোৱাত চিকিৎসকে তেওৰ কেন্সাৰ হোৱাৰ সন্দেহ কৰে৷ স্থানীয় চিকিসালয়ে তেওক আন এখন চিকিসালয়ত কেঞ্চাৰৰ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে৷ চিকিৎসালয় খনে লোকগৰাকীৰ পৰীক্ষা-নিৰিক্ষা কৰে৷ তাৰ পিছতে দিঙি আৰু বুকু স্কেন কৰে৷ স্কেন কৰাৰ অন্তত হাওফাওৰ তল ভাগত হালধীয়া বৰণৰ প্লাষ্টিকৰ সৰু সামগ্ৰী লাগি থকা বুলি থিৰাং কৰে চিকিৎসকে৷