ডিজিটেল ডেস্কঃ ডনাল্ড ট্ৰাম্পক হুংকাৰ কিম জং উনৰ। ইণ্টাৰকণ্টিনেণ্টেল বেলিষ্টিক মিছাইলৰ সফল উৎক্ষেপণৰ পিছতে আমেৰিকাক উদ্দেশ্যি হুংকাৰ প্ৰদান কৰে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

এই সাফল্যৰ পিছতে সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰক উত্তৰ কোৰিয়াই লক্ষ্য কৰি লোৱাতো সহজ হৈ পৰিল বুলিও কিমে মন্তব্য কৰে।

শুকুৰবাৰে মাজ নিশা স্বয়ং কিম জঙৰ তত্বাৱধানত দেশখনৰ সেনাবাহিনীয়ে উৎক্ষেপণ কৰে এই মিছাইল। ইয়াৰ পিছতে শনিবাৰে তেওঁ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক সাৱধান কৰি দিয়ে।

তেওঁ স্পষ্ট কৰি দি কয় যে আমেৰিকাই যদিহে উত্তৰ কোৰিয়াক আক্ৰমণ কৰে তেন্তে এক মুহূৰ্ততে উত্তৰ কোৰিয়াই সমগ্ৰ আমেৰিকাক ছাই কৰি দিব। তেতিয়া আমেৰিকাৰ দম্ভালি নিটিকব বুলিও সদৰী কৰে কিমে।

ইফালে কিমৰ এই হুংকাৰৰ পিছতে ট্ৰাম্পে মন্তব্য কৰিছে যে এই মিছাইল উৎক্ষেপণৰ জৰিয়তে পুনৰবাৰ সমগ্ৰ বিশ্বতে অকলশৰীয়া হৈ পৰিবলৈ বাধ্য হ’ব উত্তৰ কোৰিয়া।

সমগ্ৰ বিশ্বকে হুংকাৰ দি উত্তৰ কোৰিয়াই নিজৰ নাগৰিকসকলক বঞ্চিত কৰাৰ লগতে অৰ্থনৈতিকভাৱে আৰু দুৰ্বল কৰি তুলিছে বুলিও মন্তব্য কৰে ট্ৰাম্পে। উত্তৰ কোৰিয়াৰ এই মিছাইল উৎক্ষেপণক সহযোগী ৰাষ্ট্ৰ চীনেও গৰিহণা দিছে।