ডিজিটেল ডেস্কঃ যিজন লোকে পাণখনৰ পৰা চূণকণৰ হীনডেঢ়ি হ’লেই, নিজৰ বিশ্বস্ত সৈনিককো ট্ৰেংকৰ নলীৰ সমুখত ৰাখি উৰুৱাই দিবলৈ দ্বিধা নকৰে, সেইজন মানুহে গান গাই বুলি ক’লে কোনোবাই বিশ্বাস কৰিবনে? বিশ্বাস কৰক বা নকৰক খেয়ালী কিমে কিন্তু নিজৰ কোঠাত থকা দামী দামী পিয়ানোত নিজে সুৰ তুলি গান গাই কোনো কোনো মুহূৰ্তত আপোন পাহৰা হৈ পৰে।
চিনেমা উপভোগ কৰে নিজৰ ব্যক্তিগত প্ৰেক্ষাগৃহত বহি। বিদেশী চিগাৰেটৰ এটা সুখ টানতে উৰুৱাই দিয়ে ৪৪ ডলাৰ। চুমুক দিয়ে দামীতকৈয়ো দামী হুইস্কিত। এনেদৰে প্ৰতিদিনে স্বৰ্গসুখৰ জীৱন যাপন কৰি আহিছে উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনেই।