ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশ ভাৰতৰ অভিন্ন অংগ৷ বিশ্বৰ কোনো শক্তিয়েই অৰুণাচলক ভাৰতৰ পৰা পৃথক কৰিব নোৱাৰে৷ এই মন্তব্য কৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰণ ৰিজিজুৱে৷ হাজাৰ বছৰৰ পূৰ্বৰ পৰাই অৰুণাচল প্ৰদেশৰ সৈতে ভাৰতৰবৰ্ষৰ অংগাংগী সম্পৰ্ক আছে৷ 

গুজৰাটৰ দ্বাৰকাত ভগৱান কৃষ্ণই অৰুণাচলৰ প্ৰদশৰ ৰাজকুমাৰী ৰুক্মীণিক বিয়া কৰাইছিল৷ তেতিয়াৰ পৰাই  ৰাজ্যখন ভাৰতৰ সৈতে একাত্ম হৈ আছে৷

কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৱে এই মন্তব্য আগবঢ়াই গুজৰাট চৰকাৰ তথা সাংস্কৃতিক মন্ত্ৰণালয়ৰ দ্বাৰা আয়োজিত মাধৱপুৰ উৎসৱত অংশ গ্ৰহণ কৰাৰ সময়ত৷ ৰিজিজুৱে কয়, কথিত যে মাধৱপুৰতেই শ্ৰীকৃষ্ণই ৰুক্মীণিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ 

উল্লেখ্য যে, প্ৰতি বছৰেই পৰম্পৰাগতভাৱে ৰামনৱমী উৎসৱ পালন কৰা হয়৷ গত বছৰৰ দৰে এই বৰ্ষতো মাধৱপুৰত ৰামনৱমী উৎসৱ ২৫-২৮ মাৰ্চলৈকে অনুষ্ঠিত হৈছে৷