newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত বিজেপি-পিডিপিৰ মিত্ৰতা ভংগ হোৱাৰ পিছত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৱে৷ ৰিজিজুৱে কংগ্ৰেছৰ প্ৰত্যাক্ৰমণ কৰি প্ৰাক্তন প্ৰধামন্ত্ৰী জৱাহৰলাল নেহেৰুৱেই কাশ্মীৰত সমস্যা সৃষ্টি কৰিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷
ৰিজিজুৱে কয়, ‘চৰ্দাৰ পেটেলে অন্য প্ৰান্তৰ সমস্যাসমূহ দূৰ কৰিলে৷ নেহৰু জীয়ে কাশ্মীৰৰ দায়িত্ব নিজৰ হাতত লৈ সমস্যাৰ সৃষ্টি কৰিলে৷’ লগতে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘হাজাৰ হাজাৰ লোক নিহত হ’ল৷ কাশ্মীৰী পণ্ডিতসকলৰ নৰসংহাৰ হ’ল৷ তদুপৰি ১.৬০ লাখ লোক ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়াও হ’ল৷’