newsnextone.com | নলবাৰীঃ দল বাগৰাৰ ৰাজনীতি অসমত নতুন কথা নহয়৷ বৰ বৰ নেতাই নিশাৰ ভিতৰতে ইটো দলৰ পৰা ওলাই আহি সিটো দলত যোগ দিয়া বিগত সময়ত অসমৰ ৰাইজে দেখিছে৷
মন্ত্ৰীৰ পৰা সাংসদলৈ, বিধায়কৰ পৰা তৃণমূল কৰ্মীলৈকে সকলোৱে দল বাগৰাৰ ৰাজনীতিত সিদ্ধহস্ত৷ দল শাসনত নাথাকিলে একাংশ নেতাই দলটো এৰি আন দললৈ আহে৷ এয়া যেন পৰম্পৰা হৈ পৰিছে অসমত৷ একাংশ লোকে বিৰোধী দলত থাকি সা-সুবিধা নোপোৱাৰ ফলত শাসকীয় দলৰ সৈতে জড়িত হৈ সুবিধা আদায়ৰ আশা কৰে বুলি অভিযোগ উত্থাপিত হয়৷