90
ডিজিটেল ডেস্কঃ প’টেটো চিপচৰ টেমাৰ পৰা ওলাল ফেটি সাপ৷ আমেৰিকাৰ কেলিফৰ্ণিয়াত সংঘটিত হয় এই ঘটনা৷ দেশখনৰ কাষ্টম বিভাগে উদ্ধাৰ কৰিছে এই সাপটো৷ টেমাটোত এনে আৰু দুটা সাপৰ উপৰিও তিনিটা চীনা কাছও আছিল৷
বিভাগটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি উক্ত জীৱকেইটা এটা টেমাৰ ভিতৰতে উক্ত প্ৰাণীকেইটা ভৰাই হংকঙলৈ সৰবৰাহৰ কৰাৰ বাবে পৰিকল্পনা আছিল৷ উক্ত ঘটনাত জড়িত থকাৰ অপৰাধত দেশখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন ব্যক্তিক৷