কহিমাঃ মঙলবাৰে পুৱাৰে পৰা নাগালেণ্ড আৰু মেঘালয়ত ভোটদান আৰম্ভ হৈছে। নাগালেণ্ড বিধান সভাৰ ৫৯টা সমষ্টিত আৰু মেঘালয় বিধান সভাৰ ৫৯টা সমষ্টিত ভোটদান অনুষ্ঠিত হৈছে। পুৱা ৭টা বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটাদানত পুৰুষ-মহিলা ওলাই আহি লাইনত থিয় দিয়া পৰিলক্ষিত হৈছে। কেইবাটাও বিদ্ৰোহী সংগঠন সক্ৰিয় হৈ থকা নাগালেণ্ডত ভোটদানৰ সময়ছোৱাৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে।

নাগালেণ্ড প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে মুঠ ২,১৫৬টা ভোট কেন্দ্ৰৰ ভিতৰত ১০৬২ স্পৰ্শকাতৰ ৰূপে চিহ্নিত কৰি নিৰাপত্তাৰক্ষী বৃদ্ধি কৰে। ইতিমধ্যে NDPP প্ৰধান নেফিউ ৰিঅ’ বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হয়। আনহাতে মেঘালয়ৰ এগাৰকী প্ৰাৰ্থীক হত্যা কৰাত এটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱা নাই। যাৰ বাবে ৫৯টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছে। সমগ্ৰ ৰাজ্যত ভোটদান ৪ বজালৈ অনুষ্ঠিত হ’ব যদিও কেইখনমান জিলাত ৩ বজাতে সমাপ্ত হ’ব।

নিৰ্বাচন আয়োগৰে জনোৱা মতে, ২৮১টা অৰ্ধসামৰিক বাহিনীৰ কোম্পেনী মোতায়ান কৰা হৈছে শান্তিপূৰ্ণ ভোটদানৰ বাবে। নিৰ্বাচন আয়ুক্ত অভিজিত সিনহাই ২১৫৬ ভোট কেন্দ্ৰৰ ভিতৰত ১,১০০ টা অতি স্পৰ্শকাতৰ ৫৩০টা স্পৰ্শকাতৰ আৰু ৫২৬টা নৰ্মেল ঘোষণা বুলি কয়। প্ৰতিটো ভোট কেন্দ্ৰত অৰ্ধসামৰিক বাহিনী আৰু স্থানীয় আৰক্ষী নিয়োগ কৰা হৈছে। সম্পূৰ্ণ ১১,৭৬,৪৩২ ভোটাৰৰ ভিতৰত ৫,৯৭,২৮১ ভোটাৰ হ’ল পুৰুষ আৰু ৫,৭৯১৫১ মহিলা আৰু ৫৮৮৪ চাকৰিয়াল ভোটাৰে ভোটদান কৰিব। ১৯৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব মঙলবাৰে। ১৮-১৯ বছৰৰ ভোটাৰ আছে ২৬,৯০০।