Home ৰাজ্যক্ৰমান্বয়ে স্বাভাৱিক কোকৰাঝাৰৰ পৰিৱেশ, আশ্ৰয় শিবিৰ পৰিদৰ্শন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ

ক্ৰমান্বয়ে স্বাভাৱিক কোকৰাঝাৰৰ পৰিৱেশ, আশ্ৰয় শিবিৰ পৰিদৰ্শন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ

by News Next One
A+A-
Reset

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ কাৰিগাঁও এলেকাত উত্তপ্ত হৈ থকা পৰিৱেশ আজি সুস্থিৰ হৈ পৰিছে। যোৱা ৩৬ ঘণ্টাৰ বিভীষিকাময় পৰিস্থিতিৰ পিছত আজি পৰিৱেশ শান্ত হৈ পৰিছে যদিও ভিতৰি ভিতৰি এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰিছে। আতংকময় পৰিৱেশৰ পিছত বড়ো আৰু আদিবাসী উভয় সম্প্ৰদায়ৰ ৬৮০ টা পৰিয়ালৰ ২৯২৯ জন লোকে এতিয়া আশ্ৰয় শিৱিৰত অনিশ্চিত ভৱিষ্যতৰ কথা ভাৱি নিজ ভাগ্যক ধিয়াই চকুলো টুকিছে। কোকৰাঝাৰৰ কাৰিগাঁও এলেকাত পাঁচটা আশ্ৰয় শিবিৰ খোলা হৈছে আৰু ইয়াৰে চাৰিটা শিবিৰত বড়ো সম্প্ৰদায়ৰ লোকসকলে আশ্ৰয় গ্ৰহণ কৰিছে। আনহাতে কাৰিগাঁও হাইস্কুলত আদিবাসী সম্প্ৰদায়ৰ ৯৯ টা পৰিয়ালৰ শিশু, মহিলা, বৃদ্ধকে ধৰি ৪৬৩ গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰিছে। ইপিনে গৌজানপুৰী-আমিনপাৰা এলপি স্কুলৰ খেলপথাৰ, হলদিবাৰী এলপি স্কুল, ৬নং বাশবাৰী এলপি স্কুল আৰু আউডাং বজাৰত থকা চাৰিটা বড়ো সম্প্ৰদায়ৰ শিৱিৰত ২৪৬৬ গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰি আছে। ইয়াৰে গৌজানপুৰী-আমিনপাৰা এলপি স্কুলৰ খেলপথাৰত থকা বড়ো সম্প্ৰদায়ৰ লোকলোকলে মুকলি আকাশৰ তলত আশ্ৰয় গ্ৰহণ কৰি আছে আৰু শীতৰ পৰা পৰিত্ৰাণ পাবলৈ দখনা টানি লৈছে।

উল্লেখ্য যে কালি কাৰিগাঁও এলেকাত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পিছত আজি সেনাই অঞ্চলটোত ফ্লেগমাৰ্চ কৰে। জিলা আয়ুক্ত পংকজ চক্ৰবৰ্তীয়ে সদৰী কৰা মতে সেনাবাহিনীৰ এটা কোম্পানী কোকৰাঝাৰত উপস্থিত হৈছে আৰু ৰেপিড একচন ফৰ্চো উপস্থিত হৈছে। যিমানদূৰ সম্ভৱ অতি সোনকালে আশ্ৰয় শিৱিৰত থকা লোকসকলক নিজ নিজ ঘৰলৈ পঠিওৱা হ’ব বুলিও মন্তব্য কৰিছে জিলা আয়ুক্ত পংকজ চক্ৰবৰ্তীয়ে। আনহাতে অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান (আইন শৃংখলা) অখিলেশ সিং আৰু বিটিচিৰ আৰক্ষী মহাপৰিদৰ্শক বিবেকৰাজ সিঙে আজি কাৰিগাঁও এলেকাত থকা আশ্ৰয় শিৱিৰসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে আশ্ৰয় শিবিৰত থকা লোকসকলৰ অভাৱ-অভিযোগ শুনে।

আশ্ৰয় শিবিৰত থকা লোকসকলে অভিযোগ কৰা মতে প্ৰশাসনে দুৰ্ষ্কাৰ্যমূলক ঘটনাসমূহ চলি থকাৰ সময়ত কোনোধৰণৰ কাৰ্যব্যৱস্থা নোলোৱাৰ বাবেই ঘটনাই অধিক ভয়ংকৰ ৰূপ ল’লে। প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি আশ্ৰয় শিবিৰত থকা একাংশ লোকে অতি শীঘ্ৰে ক্ষতিপূৰণ আৰু পুনৰসংস্থাপনৰ দাবী জনাইছে। তদুপৰি জীৱন, সা-সম্পত্তিৰ সুৰক্ষা-নিৰাপত্তা বিচাৰিছে ভুক্তভোগী লোকসকলে। দুয়ো জনগোষ্ঠীৰ ডজনাধিক ঘৰ-বাৰী জ্বলি ছাই হোৱাৰ লগতে দুয়ো জনগোষ্ঠীৰ সা-সম্পত্তি, নথি-পত্ৰ জ্বলি ছাই হৈছে বুলি মন্তব্য কৰি আশ্ৰয় শিবিৰত থকা একাংশ লোকে সন্তানৰ এডমিট পৰ্যন্ত জ্বলি ছাই হোৱাত পৰীক্ষাৰ্থীসকল সমস্যাত পৰিছে বুলি উল্লেখ কৰে। এনে এক পৰিৱেশৰ মাজতে কাৰিগাঁও আশ্ৰয় শিৱিৰত এগৰাকী প্ৰসূতিয়ে সন্তান জন্ম দিয়ে আৰু আজি প্ৰসূতি আৰু নৱজাতকক প্ৰশাসনে চিকিৎসালয়ত ভৰ্তি কৰে। তদুপৰি আন এগৰাকী আহত লোককো প্ৰশাসনে চিকিৎসালয়ত ভৰ্তি কৰে।

প্ৰচণ্ড ঠাণ্ডাৰ পৰিপ্ৰেক্ষিতত আশ্ৰয় শিবিৰত থকা শিশু, মহিলা, ৰুগীয়া, বৃদ্ধ লোকৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু অন্ন-বস্ত্ৰ, বাসস্থানৰ অভাৱত আশ্ৰয় শিবিৰত থকা লোকসকলৰ দূৰ্ভোগৰ সীমা নোহোৱা হৈছে। এনে এক পৰিস্থিতিৰ মাজতে আজি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, এবছুৰ সভাপতি দ্বীপেন বড়ো, আছা, চাওতাল সন্থাৰ নেৰ্তৃবৰ্গ, ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীৰ নেৰ্তৃত্বত ইউপিপিএলৰ এটা প্ৰতিনিধি দলে আশ্ৰয় শিৱিৰসমূহ পৰিদৰ্শন কৰে। ইয়াৰোপৰি বিভিন্ন দল-সংগঠনৰ নেতৃবৰ্গয়ো পৰিস্থিতিৰ বুজ ল’বলৈ আৰু শান্তিৰ বাণী লৈ আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰে।

ইপিনে আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে সমগ্ৰ ঘটনাটো দুৰ্ভাগ্যজনক আৰু চৰকাৰ-প্ৰশাসনে শান্তি ঘূৰাই অনাৰ চেষ্টাত ব্ৰতী হৈছে। সংঘৰ্ষ যাতে বিয়পি নাযায় তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু বৰ্তমান অঞ্চলটোত শান্তি বিৰাজ কৰিছে। কিহৰ বাবে ঘটনাটো সংঘটিত হ’ল তাৰ তদন্ত চৰকাৰে কৰিব বুলি মন্তব্য কৰি উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে পুৰণি কালৰে পৰা কাৰিগাঁও অঞ্চলত বড়ো আৰু আদিবাসী সম্প্ৰদায়ে মিলাপ্ৰীতিৰে বসৱাস কৰি আহিছিল। কালিৰ ঘটনাটো স্থানীয় লোকে বিচৰা নাছিল, কিন্তু বাহিৰৰ পৰা আহি একাংশ লোকে আহি কৰা বুলি অভিযোগ আছে বুলি তাপৰ্যপূৰ্ণ মন্তব্য কৰি চৰকাৰে সেই বিষয়তো তদন্ত কৰিব বুলি মন্তব্য কৰিছে উৰ্খাও গৌৰা ব্ৰহ্মই। বৰ্তমান শান্তি ঘূৰাই অনা আৰু পাৰস্পৰিক বুজাবুজি, ভাতৃত্ববোধ বৰ্তাই ৰখাটো অতীব প্ৰয়োজনীয় আৰু এই বিষয়ত এবছু, আছা, চাওতাল ছাত্ৰ সন্থা, সাহিত্য সভা আৰু আন জাতীয় সংগঠনসমূহে নিৰৱচ্ছিন্নভাৱে কাম কৰি থকা দেখিবলৈ পোৱা গৈছে বুলি মন্তব্য কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। তদুপৰি আশ্ৰয় শিৱিৰ সমূহত পৰ্যাপ্ত পৰিমাণে ৰেচন যোগান ধৰিবলৈ নিৰ্দেশনা দিয়া হৈছে বুলি সদৰি কৰিছে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই।

আনহাতে এবছুৰ সভাপতি দ্বীপেন বড়োৱে আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈ শান্তিৰ হকে কাম কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। তেওঁ সংবাদমাধ্যমৰ আগত কয় যে কালি শান্তিপূৰ্ণ প্ৰতিবাদৰ পিছত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। দুষ্কৃতিকাৰীয়ে চাওতালসকলৰ কেবাটাও ঘৰ জ্বলাই দিয়াৰ পিছত বড়োসকলৰো কেবাটাও ঘৰ জ্বলাই দিয়ে। কালি সন্ধিয়াই পৰিস্থিতি নিয়ন্ত্ৰণত আহে আৰু পৰিৱেশ স্বাভাৱিক কৰিবলৈ চৰকাৰ প্ৰশাসন, এবছুৰ লগতে আন দল-সংগঠন সকলোৱে প্ৰচেষ্টা কৰে। পুনৰাই যাতে আক্ৰমণ-প্ৰত্যাক্ৰমণ নহয় তাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনাই দ্বীপেন বড়োৱে কয় যে কালিৰ ঘটনাটো কোনো বড়ো-আদিবাসীৰ সংঘাত নাছিল নতুবা এয়া কোনো গোষ্ঠী সংঘৰ্ষও নহয়। ঘটনাটো আছিল এটা হত্যাকাণ্ড আৰু দুষ্কৃতিকাৰীয়ে ৰাজা বসুমতাৰীক হত্যা কৰিছিল। হত্যাকাৰীয়ে শাস্তি পাবই লাগিব বুলি মন্তব্য কৰি মৃতকৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ আৰু নিকটাত্মীয়ক এটা চৰকাৰী চাকৰি দিবলৈ দাবী জনোৱাৰ সমান্তৰালভাৱে নিহত সুনীল মুৰ্মূৰ পৰিয়াললৈও আৰ্থিক সাহায্যৰ দাবী উত্থাপন কৰিছে। আশ্ৰয় শিবিৰত এতিয়াও দখনা টানি আশ্ৰয় ল’বলগীয়া পৰিস্থিতিত অসন্তুষ্টি প্ৰকাশ কৰি দ্বীপেন বড়োৱে অতি সোনকালে সাহায্য আৰু পুনৰসংস্থাপন দিবলৈ দাবী জনাইছে। তদুপৰি ভাওৰাগুৰি অঞ্চলত আৰক্ষী চকী স্থাপনৰ দাবী জনাই এবছুৰ সভাপতি দ্বীপেন বড়োৱে সকলোকে পূৰ্বৰ দৰে ভাতৃত্ববোধ বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে। আনহাতে ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে সকলোকে শান্তি-সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনাই আশ্ৰয় শিবিৰত পৰ্যাপ্ত পৰিমানে ৰেচন যোগান ধৰাল লগতে সাহায্য আৰু পুনৰ সংস্থাপনৰ দিশটো ত্বৰাম্বিত কৰিবলৈ চৰকাৰ-প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছে।

আনহাতে বিটিচিৰ আৰক্ষী মহাপৰিদৰ্শক বিবেকৰাজ সিং, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান (আইন শৃংখলা) অখিলেশ সিঙে জনসাধাৰণক আইন হাতত তুলি নল’বলৈ আহ্বান জনাইছে। আইনৰ ওপৰত আস্থা ৰাখিবলৈ আহ্বান জনাই অখিলেশ সিঙে উৰাবাতৰিত ভোল নাযাবলৈ আহ্বান জনাইছে। তদুপৰি ছ’চিয়েল মিডিয়াত ভুৱা আৰু আপত্তিজনক প্ৰচাৰ কৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰি সম্পূৰ্ণ স্বাভাৱিক অৱস্থা হ’লেহে ইণ্টাৰনেট সংযোগ পুনৰাই আৰম্ভ কৰিব পৰা যাব বুলি মন্তব্য কৰিছে অখিলেশ সিঙে।

বিটিচি সচিবালয়ত শান্তি বৈঠক সম্পন্ন

বিটিচি অঞ্চলৰ শেহতীয়া উত্তপ্ত পৰিস্থিতি সন্দৰ্ভত আজি বিটিচিৰ সচিবালয়ত এখন গুৰুত্বপূৰ্ণ শান্তি বৈঠক অনুষ্ঠিত হয়। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, বিধায়ক লৰেঞ্চ ইছলাৰীসহ বিভিন্ন জাতীয় দল-সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে কিছু ভুল বুজাবুজিৰ বাবেই যোৱা দুদিনত কিছু দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ’ল। এতিয়া বিটিচি অঞ্চলৰ বিকাশ আৰু উন্নয়নৰ সময় বুলি মন্তব্য কৰি তেওঁ কয় যে এনে ঘটনা সংঘটিত হ’লে চৰকাৰে দুখ পায়। মুখ্যমন্ত্ৰী বাহিৰত থকা স্বত্ত্বেও কোকৰাঝাৰৰ পৰিস্থিতিৰ বিষয়ে খা-খবৰ লৈ স্বাভাৱিক পৰিৱেশ ঘূৰাই আনিবলৈ প্ৰয়োজনীয় সকলো নিৰ্দেশনা দি আছে বুলিও মন্ত্ৰী মল্লবৰুৱাই সদৰী কৰে।

মন্ত্ৰী মল্লবৰুৱাই লগতে জনায় যে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু বিটিচি প্ৰশাসনেও পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে সকলোধৰণৰ প্ৰচেষ্টা চলাই আছে। তেওঁ ঘোষণা কৰে যে পৰহিলৈ অৰ্থাৎ ২৩ জানুৱাৰীত তেওঁ পুনৰ কোকৰাঝাৰলৈ আহি নিহত আৰু আহতসকলৰ পৰিয়ালক সাক্ষাৎ কৰিব। স্বাভাৱিক পৰিৱেশ সৃষ্টি কৰাই চৰকাৰৰ মুখ্য লক্ষ্য বুলি মন্তব্য কৰি তেওঁ কয় যে বিটিচি অঞ্চলত স্থায়ী শান্তি স্থাপন কৰিবলৈ জিলা প্ৰশাসন, আৰক্ষী আৰু বিভিন্ন দল-সংগঠনৰ সৈতে আলোচনা চলি আছে। বৰ্তমান পাঁচটা আশ্ৰয় শিবিৰ থকা বুলি উল্লেখ কৰি তেওঁ কয় যে এই শিবিৰসমূহৰ প্ৰয়োজন আছে নে নাই সেয়া গাঁৱে-গাঁৱে জৰীপ চলাই সিদ্ধান্ত লোৱা হ’ব।

আনহাতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে জিলা আয়ুক্তৰ উদ্যোগত আয়োজন কৰা শান্তি বৈঠক সফল হৈছে আৰু সকলোৱেই শান্তি বিচাৰে। চাওতাল, আদিবাসী, বড়ো, বঙালী, মুছলমান সকলো সম্প্ৰদায়েই শান্তি কামনা কৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে বৰ্তমান পাঁচটা আশ্ৰয় শিবিৰ আছে যদিও ইয়াৰে চাৰিটাৰ পৰা অতি শীঘ্ৰে শিবিৰত থকা লোকসকলক নিজ নিজ গৃহলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। অৱশ্যে এটা শিবিৰৰ ক্ষেত্ৰত কিছু পলম হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। তদুপৰি, যিসকল লোক স্বগৃহলৈ উভতি যাব তেনে পৰিয়ালসমূহৰ মাজত চাউল, দাইলৰ লগতে আন খাদ্য-সামগ্ৰী যোগান ধৰা হ’ব বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে চৰকাৰৰ তৰফৰ পৰা সম্ভৱপৰ সকলোধৰণৰ সহায় আগবঢ়োৱা হ’ব বুলি আশ্বাস দিয়ে।

News Next One
Author: News Next One

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0