কামপুৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতৰ ফলত শ-শ লোকৰ নিদ্ৰা হৰণ হৈছে৷ খেতি পথাৰ নষ্ট হোৱাৰ লগতে ঘৰ-বৰৰ ব্যাপক ক্ষতি হৈছে৷ বহু লোকৰ প্ৰাণ গৈছে হাতীৰ আক্ৰমণত৷ বন বিভাগে ৰাজ্যৰ হাতীৰ আক্ৰমণৰ সন্মুখীন হৈ অহা লোকসকলক সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈ অহাৰ মাজতে বৃহস্পতিবাৰে যে ক্ষোভিত লোকৰ ধৈৰ্যৰ বান্ধ ছিঙিল৷ বৃহস্পতিবাৰে ৰণ ক্ষেত্ৰত পৰিণত হল নগাঁও জিলাৰ বঢ়মপুৰৰ কন্দলীৰ ৰাজপথ।

বন বিভাগৰ লোকৰ সন্মুখতে দুটি হাতীয়ে যুজ লাগি বিস্তৰ ক্ষতি সাধন কৰি থকাৰ সময়তে বন বিভাগৰ লোকে অসহায় হৈ চাই থাকিব লগা হোৱাত ৰাইজ উত্তেজিত হৈ পৰে৷

বহু সময় ধৰি যুজ লগাৰ ফলত ৰাইজ আতংকিত হৈ পৰে৷ ফলত উত্তেজিত লোকসকলে বেয়াকৈ আক্ৰমণ কৰে বন বিভাগৰ লোকক৷ ৰাইজ গণ প্ৰহাৰৰ পৰা ৰক্ষা পাবলৈ হাতত বন্দুক লৈ দৌৰিব লগা হয় বন বিভাগৰ লোকে৷ একে খন ঠাই এটা ফালে গজৰাজৰ কাজিয়া আনফালে বন বিভাগৰ লোকক বেয়াকৈ প্ৰহাৰ কৰে ৰাইজে৷

হাতী খেদিব নোৱাৰাৰ বাবে বনকৰ্মীক গুৰুলা-গুৰুলকৈ পিটিবলৈ আৰম্ভ কৰাত বন্দুক এৰি নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ পলায়ন কৰে বনকৰ্মীসকলে। দুটি হাতীয়ে কাজিয়া কৰাৰ ফলত বিস্তৰ ক্ষতি হোৱাৰ সময়তে অসহায় হৈ থাকিব লগা হৈছিল আছিল বন বিভাগৰ লোক৷ বৃহস্পতিবাৰে যেন ৰণক্ষেত্ৰত পৰিণত হল নগাঁৱৰ কন্দলীৰ ৰাজপথ।

মৰেল আৰক্ষীৰ ভাও জুৰি আইন হাতত তুলি লয় ৰাইজে। জানিব পৰা মতে, নিশা কন্দলী পাহাৰৰ পৰা নামি আহা এটা বনৰীয়া হাতী জাকে অঞ্চলটোত বুধবাৰৰ নিশাৰে পৰা তাণ্ডৱ চলাই৷ জাকৰ মাজৰ পৰা ফালৰি কাটি অহা দুটা হাতীয়ে পুৱাৰে পৰা মানুহৰ ঘৰৰ ওচৰতে যুঁজ লাগে। স্থানীয় লোকে বনবিভাগক হাতী খেদিবলৈ খবৰ দিয়াত খালী হাতে বনকৰ্মীসকল অহাত ক্ষুব্ধ হৈ পৰে৷

হাতীৰ যুঁজত ক্ষতি হয় বাসগৃহ, গছ-গছনিৰ৷ তাৰ পাছতেই স্থানীয় লোক উত্তেজিত হৈ বনকৰ্মী সকলক মাৰপিট কৰিবলৈ উদ্যত হয়। ৰাইজৰ মাৰত বন্দুক এৰি পলায়ন কৰে বনকৰ্মী সকলে। কন্দলী অঞ্চলত দীৰ্ঘ দিনৰ পৰা হাতীয়ে সন্ত্ৰাস চলাই আহিছে যদিও বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷