কামপুৰঃ নগাঁও জিলাৰ কচুৱাৰ ৰাজহুৱা খেল পথাৰ, বিদ্যালয় আৰু বিষ্ণুপুৰ সমবায়ৰ কাৰ্যালয়ত কৃত্ৰিম বানপানীয়ে ৰাইজক জ্বলা-কলা খুৱাই আহিছে৷

বিগত কেইবা দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱৰ কচুৱা অঞ্চলতো হৈছে কৃত্ৰিম বানপানী হৈছিল। কচুৱা ৰাজহুৱা খেল পথাৰত একাঠু পানী হোৱাৰ লগতে কচুৱাৰ বিষ্ণুপুৰ সমবায় আৰু কচুৱা মৰ্কজ একাডেমী কৃত্ৰীম বানৰ কবলত পৰাত পাঠদান বন্ধ হৈছিল।

কচুৱা গড়কাপ্তানী পথত থকা এটা পুল আৰু নলা বন্ধ কৰি অবৈধভাবে দোকান নিৰ্মান কৰাৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হয়। পূৰ্বৰ চৰকাৰৰ দিনত ৰহা সমষ্টিৰ সেই সময়ৰ বিধায়ক পিযুষ হাজৰিকাই কচুৱাৰ ৰাজহুৱা খেল পথাৰ উন্নয়ণৰ বাবে এক আঁচনি লৈছিল যদিও সময়ত ইয়াৰ তিলমানো কাম কৰা নাছিল।

যাৰ বাবে ৰাজহুৱা খেল পথাৰ খন এতিয়ে এটা পুখুৰীত পৰিনত হৈছে। স্থানীয় লোকে শীঘ্ৰে বন্ধ হৈ থকা পুল আৰু নলাটো মুকলি কৰি দিবলৈ প্ৰশাসনক দাবী জনায়। স্থানীয় ৰাইজে চক্ৰ বিষয়ালৈ এখন স্মাৰক পত্ৰও প্ৰদান কৰিছিল৷ এই সম্পৰ্কে নিউজ নেক্সট ওৱানত বাতৰি  প্ৰকাশ হোৱাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় কচুৱাত।

ইতিমধ্যে ৰাজহুৱা খেল পথাৰ খনৰ পৰা পানী উলিয়াই নিয়াৰ সম্পৰ্কে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে কামপুৰ চক্ৰ বিষয়া কাৰ্যালয়ে আৰু ৰাজহুৱা মাটিত নিৰ্মাণ কৰা অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠান বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।

ইফালে ১৪ মে’ত কচুৱাত উপস্থিত হয় কঠিয়াতলী উন্নয়ন খণ্ডৰ বিষয়া ৰঞ্জিত কলিতা। কলিতাই কচুৱা ৰাজহুৱা খেল পথাৰৰ উন্নয়নৰ লগতে চানখোলালৈ নলা নিৰ্মানৰ ব্যৱস্থা হাতত লোৱাৰ কথা জানিবলৈ দিয়ে ।