জালুকবাৰীঃ একেটা পৰিয়ালৰ দুজন কিশোৰৰ আকাশ চুবৰ মন৷ মেধাৱী কিশোৰ দুটিয়ে পঢ়ি-শুনি ডাঙৰ মানুহ হ’ব বিচাৰে৷ কামৰূপ জিলাৰ আমিনগাঁৱৰ শৰাইঘাট বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ দুজনৰ আকাশ চুব খোজা সপোনক বাস্তৱত ৰূপায়ণ হ’বনে?

এই সকলোবোৰৰ প্ৰত্যাহ্বান হৈ থিয় দিছে তেওঁলোকৰ চকুযুৰিয়ে৷ আমিনগাঁৱৰ ওপৰবড়ী বামুণীগাঁৱৰ দৰিদ্ৰ শ্ৰমিক নৃপেন মেধি আৰু কৰৱী মেধিৰ ঔৰসত জন্ম লাভ কৰা কৃষ্ণমণি নাথ আৰু ধনজিৎ নাথে জন্মৰ পৰাই চকুযুৰিৰে দেখা নাপায়৷ ১৬ বছৰীয়া ধনজিৎ আৰু ১৪ বছৰীয়া কৃষ্ণমণিয়ে শৰাইঘাট বিদ্যালয়ত নৱম শ্ৰেণীত পঢ়ি আছে৷ মাক-দেউতাকে ছাঁৰ দৰে লাগি থাকে দুয়ো পুত্ৰৰ সৈতে৷

দুয়ো পুত্ৰ ধনজিৎ আৰু কৃষ্ণমণি পঢ়াত চোকা৷ সেয়েহে শিক্ষক-শিক্ষয়িত্ৰীৰো দুয়োজন আপোন৷ বিদ্যালয়ৰ শৃংখলা মানি চলা দুয়োজন ছাত্ৰই কোনোদিনে স্কুল খতি নকৰে৷ তাৰ মাজতে তেওঁলোক ক্ষীণ দৃষ্টিশক্তিসম্পন্ন হোৱাৰ বাবে তেওঁলোক আগবাঢ়ি যোৱাত সমস্যাত পৰিছে৷

দুয়ো দুয়োৰে লগৰী হৈ বিদ্যালয়লৈ অহা-যোৱা কৰে যদিও আনৰ সহায়ৰ অতি প্ৰয়োজন বাবেই আৰু মেধা ছাত্ৰ দুজনে পঢ়ি-শুনি ডাঙৰ মানুহ হ’ব বিচাৰে বাবে পিতৃ-মাতৃয়ে তেওঁলোকৰ চকুযুৰি পৰীক্ষা কৰাব বিচাৰে৷ কিন্তু দুবেলা-দুমুঠি খাবলৈ নোপোৱা পৰিয়ালটোৱে চিকিৎসা কৰায় কেনেকৈ? বহুবাৰ ভাবি-চিন্তিও টকাৰ অভাৱত চিকিৎসাৰ বাবে আগবাঢ়ি যাব খুজিও দৰিদ্ৰ পৰিয়ালটোৱে বাৰে বাৰে থমকি ৰয়৷

তাৰ মাজতে বিদ্যালয়খনৰ দুগৰাকী শিক্ষয়িত্ৰী শান্তনা চাংমাই আৰু ধৰিত্ৰী কলিতাই তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা কৰি আজি নৰ্থ-ইষ্ট চিকিৎসালয়ৰ বিশিষ্ট চিকিৎসক ডাঃ শান্তনু বৰঠাকুৰক দেখুৱায়৷ চিকিৎসক বৰঠাকুৰে পৰিয়ালটোৰ কথা গম পাই তেওঁৰ চিকিঁসালয়ৰ কৰণীয়খিনি বিনামূলীয়াকৈ কৰিম বুলি কয়৷

শীঘ্ৰে হায়দৰাবাদৰ অভিজ্ঞ চিকিৎসকৰ জৰিয়তে অস্ত্ৰেপচাৰৰ ব্যৱস্থা কৰা হ’ব বুলি কয়৷ অসমৰ বাহিৰৰ চিকিৎসা কৰাবলৈ পৰিয়ালটোক বহু ধনৰ প্ৰয়োজন৷ শিক্ষয়িত্ৰী দুগৰাকীয়ে ছাত্ৰ দুজনক সহায় কৰাৰ দৰে আপুনিও ছাত্ৰ দুজনক সহায় কৰক৷ ৯৯৫৪৪-৫৫৮৬১, ৯৪৩৫৫-৫৪১৬৫ নম্বৰত যোগাযোগ কৰি আপুনি সহায় কৰক৷ জালুকবাৰী সমষ্টিৰ ধনজিৎ আৰু কৃষ্ণমণিৰ আকাশ চুই চোৱাৰ সপোন সাৰ্থক কৰক।