77
দ্যা হেগঃ পাকিস্তানে বন্দী কৰি থোৱা ভাৰতৰ নৌসেনা বাহিনীৰ বিষয়া কুলভূষণ যাদৱক মুকলি কৰি অনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ন্যায়িক আদালতত ভাৰত আৰু পাকিস্তানৰ বিবাদ অব্যাহত আছে৷
আন্তঃৰাষ্ট্ৰীয় ন্যায়িক আদালতে যাদৱৰ গোচৰটো শুনানিৰ বাবে সোমবাৰে মুকলি কৰি একে লেঠাৰিকৈ চাৰি দিনৰ বাবে শুনানিৰ দিন ধাৰ্য কৰিছে৷ কালি আন্তঃৰাষ্ট্ৰীয় আদালতত ভাৰতে যাদৱৰ মুকলিৰ বাবে অকাট্য যুক্তি দাঙি ধৰাৰ পাছত আজি শুনানিৰ পূৰ্বেই পাকিস্তানৰ অধিবক্তাগৰাকী অসুস্থ হৈ পৰে৷