newsnextone১১ অক্টোবৰ তামোলপুৰঃ বাক্সা জিলা বন বিষয়াৰ কাৰ্যলয়ৰ অন্তৰ্গত কুমাৰীকাটা ৰেঞ্জৰ বাহবাৰীত আজি পুৱাৰ ভাগত এছ এছ বি (গাইদেঙ চ’কত) ২৪ নং বেটেলিয়ান আৰু বন বিভাগে অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে অভিযান চলায় ৷এই  অভিযানত বাহবাৰী গাৱঁত এটা অবৈধ কাঠ ফলা মিল উচ্ছেদ কৰা হয় ৷ বাহবাৰীৰ এই অবৈধ মিলটোৰ পৰা বহু পৰিমানৰ  মূল্যবান কাঠৰ কুণ্ডা জব্দ কৰা হয়৷ মিলটোৰ পৰা এটা মেছিন জেনেৰেটৰো জব্দ কৰা হয় ৷জব্দকৃত মিলটোৰ সা-সামগ্ৰীৰ মূল্য প্ৰায় দুইলাখ টকামান হব হ’ব বুলি বনবিভগৰ এটা সূত্ৰই প্ৰকাশ কৰিছ ৷

তামোলপুৰৰ পৰা অভিজিৎ তালুকদাৰ